Local, Vocal, Global

PM Modi’s itinerary during two-day Assam visit : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ৪ মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৮ আৰু ৯ মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

৮ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত বিশেষ বিমানযোগে অৱতৰণ কৰিব ৷ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কাজিৰঙালৈ যাত্ৰা আৰম্ভ কৰিব আৰু ৮ মাৰ্চৰ নিশা কাজিৰঙাতে নৈশ যাপন কৰিব ।

৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰি আৰু হাতী চাফাৰী কৰিব ৷ উক্ত কাৰ্যসূচী শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনে পোনে অৰুণাচললৈ যাত্ৰা আৰম্ভ কৰিব, তাৰ পৰা আহি যোৰহাটত প্ৰধানমন্ত্ৰী মোদীয়ে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দেশবাসী বাবে উৰ্চগা কৰিব ৷ তাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাট টীয়ক মেলেং মেটেলী যোৰহাটত এক জনসভা সম্বোধন কৰিব(PM Narendra Modi To Visit Kaziranga National Park During Assam Visit) ৷

ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো কাৰ্যসূচী শেষ কৰি যোৰহাট আৱৰ্ত ভৱনত নৈশ যাপন কৰিব । ১০ মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ সামৰি পোনে পোনে ৰৰৈয়া বিমান বন্দৰ পৰা দিল্লীলৈ ৰাওনা হ’ব ।

লগতে পঢ়ক : Assam CM to inaugurate elevated South Bank Corridor of North Guwahati Bridge today : আজি মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দক্ষিণপাৰৰ এলিভেটেড কৰিড’ৰ