Local, Vocal, Global

PM Modi visits Gurudwara Patna Sahib : পাটনাৰ গুৰুদ্বাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; ৰন্ধনশালত খাদ্য প্ৰস্তুত প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক,১৩মে’ : আজি প্ৰধানমন্ত্ৰী মোদীয়ে পাটনা চহৰৰ বিখ্যাত শ্ৰীশ্ৰী হৰমন্দিৰ চাহিব দৰ্শন কৰে আৰু গুৰুদ্বাৰত প্ৰণাম জনায়(PM Modi visits Gurudwara Patna Sahib) ।

সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদী গুৰুদ্বাৰত উপস্থিত হয় ।গুৰুদ্বাৰত উপস্থিত হোৱাৰ লগে লগে প্ৰবন্ধক সমিতিয়ে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় । গুৰুদ্বাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিখসকলৰ পৰম্পৰাগত পোছাক পৰিধান কৰি তখত শ্ৰী হৰমন্দিৰ চাহিবত উপস্থিত হয় । মূৰত শিখসকলৰ পাগুৰি পৰিধান কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুদ্বাৰত প্ৰৱেশ কৰাত আনন্দিত হৈ পৰে ভক্তসকল(PM Narendra Modi performs ‘seva’ at Gurudwara Patna Sahib) ।

গুৰুদ্বাৰত প্ৰণাম জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুজীৰ সৈতে সম্পৰ্কিত অস্ত্ৰ-শস্ত্ৰবোৰো পৰিদৰ্শন কৰে । ইয়াৰ পিচত প্ৰধানমন্ত্ৰীয়ে গুৰুদ্বাৰৰ পাকঘৰত গৈ ৰুটি প্ৰস্তুত কৰে ।ৰন্ধনশালত খাদ্য প্ৰস্তুত কৰি নিজে বিতৰণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। লংগৰলৈ অহা লোকসকলক খাদ্য বিতৰণ কৰে । ইয়াৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেও লংগৰত আহাৰ গ্ৰহণ কৰে ।

লগতে পঢ়ক : HS Results 2024 : মানসিকভাৱে ভাগি পৰিছে জামুগুৰিহাটৰ এগৰাকী মেধাৱী ছাত্ৰী