PM Modi visits exhibition at National ‘PM Vishwakarma’ Programme in Wardha : মহাৰাষ্ট্ৰৰ ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক, ২০ ছেপ্টেম্বৰ : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ শীৰ্ষক এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ।এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, অজিত পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীও উপস্থিত থাকে ।
উল্লেখ্য যে, পিএম বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি প্ৰদৰ্শনৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা’ কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি এই অনুষ্ঠানটো সম্বোধন কৰি । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে পিএম বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ আৰু ঋণ বিতৰণ কৰিব ।
শিল্পীসকলক আগবঢ়োৱা প্ৰকৃত সমৰ্থনৰ প্ৰতীক স্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত ১৮ টা ব্যৱসায়ৰ সৈতে জড়িত ১৮ গৰাকী হিতাধিকাৰীক ঋণ বিতৰণ কৰিব । ইফালে সমাজলৈ তেওঁলোকৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে তেওঁ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ অধীনত এবছৰৰ প্ৰগতি উপলক্ষে এক বিশেষ ডাক টিকটো মুকলি কৰিব(PM Modi visits exhibition at National ‘PM Vishwakarma’ Programme in Wardha)।
ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত পিএম মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়নছ এণ্ড এপাৰেল (পিএম মিত্ৰ) উদ্যানৰ আধাৰশিলাও স্থাপন কৰিব । মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে (এমআইডিচি) ৰাজ্যিক সংস্থাৰ সহযোগত ১০০০ একৰ ভূমিত উদ্যানখন নিৰ্মাণ কৰিব ।
ভাৰত চৰকাৰে বস্ত্ৰ উদ্যোগৰ বাবে ৭ খন পিএম মিত্ৰ উদ্যান স্থাপনৰ বাবে অনুমোদন জনাইছিল । পিএম মিত্ৰ পাৰ্ক হৈছে ভাৰতক বস্ত্ৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ(PM Modi Attends National ‘PM Vishwakarma’ Programme Exhibition In Wardha)।
একেদৰে প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ ‘আচাৰ্য চাণক্য দক্ষতা বিকাশ কেন্দ্ৰ’ আঁচনিৰো শুভাৰম্ভ কৰিব । ১৫ৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব । যাৰ ফলত লোকসকল স্বাৱলম্বী হ’ব পাৰিব আৰু বিভিন্ন নিযুক্তিৰ সুযোগ লাভ কৰিব । এই দক্ষতা বিকাশ কেন্দ্ৰৰ দ্বাৰা ৰাজ্যজুৰি প্ৰায় ১,৫০,০০ যুৱক-যুৱতীয়ে প্ৰতি বছৰে বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰিব পাৰিব ।
প্ৰধানমন্ত্ৰীয়ে ‘পুণ্যশ্লোক অহল্যাদেৱী হোলকাৰ মহিলা ষ্টাৰ্টআপ আঁচনি’ৰো শুভাৰম্ভ কৰিব । এই আঁচনিখনৰ অধীনত মহাৰাষ্ট্ৰত মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপবোৰক প্ৰাৰম্ভিক পৰ্যায়ৰ সমৰ্থন প্ৰদান কৰা হ’ব । তেওঁলোকক ২৫ লাখ টকালৈকে বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব । এই আঁচনিৰ অধীনত ২৫ শতাংশ পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষিত কৰা হ’ব।