Local, Vocal, Global

PM Modi visit Mizoram : ৩০ অক্টোবৰত মিজোৰাম লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নেশ্যনেল ডেস্ক, ২৫অক্টোবৰ : ৩০ অক্টোবৰত মিজোৰাম লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্য নিজোৰামলৈ আহিব প্ৰধানমন্ত্ৰী মোদী(PM Modi visit Mizoram)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰত মিজোৰামৰ মামিত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব । এই প্ৰচাৰ সভাত বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও যোগদান কৰাৰ সম্ভাৱনা । প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনৰ উদ্দেশ্য ৰাজ্যখনত চলাইছে ব্যাপক প্ৰস্তুতি(PM Modi visit Mizoram on October 30 ) ।

৭নৱেম্বৰ মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ৪০খন আসনৰ বাবে হ’ব মিজোৰাম বিধানসভা নিৰ্বাচন । ২৩খন আসনত প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে । এখন আসনত প্ৰতিদ্বন্দিতা নকৰে বিজেপিয়ে ।

সংবাদ মাধ্যমৰ আগত বিজেপিৰ মিজোৰাম ইউনিটৰ সভাপতি ভানলালহমুৱাকাই কয় যে ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে মামিত দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে।
লগতে বিজেপিৰ মিজোৰাম ইউনিটৰ সভাপতি গৰাকীয়ে কয় যে, এই সভাত কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায় আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দলীয় প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব(PM Modi likely to visit poll-bound Mizoram on October 30 to campaign for BJP candidates)।

৪০ জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচন অহা ৭ নৱেম্বৰত একক পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ৩ ডিচেম্বৰত ভোটগণনা হ’ব। মুঠতে শাসকীয় মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ), মূল বিৰোধী দল জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) আৰু কংগ্ৰেছৰ ৪০ জনকৈ প্ৰাৰ্থীকে ধৰি ১৭৪ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

উল্লেখ্য যে, আগন্তুক ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচন । এই বছৰতে ৫খন ৰাজ্যত অনুষ্ঠিত নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী । তুংগ উঠিছে ৰাজনৈতিক মহল । আৰম্ভ হৈছে শাসক বিৰোধীৰ বাক যুদ্ধ । প্ৰতিখন ৰাজ্যতে শাসক বিৰোধীয়ে প্ৰচাৰ চলোৱাৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Maharashtra Fire : মছজিদৰ কাষত ভয়ংকৰ অগ্নিকাণ্ড