Local, Vocal, Global

PM Modi unveils Ram Lalla idol : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ

নিউজ ডেস্ক, ২২জানুৱাৰী : এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল দেশবাসী। ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা। পোনপ্ৰথমবাৰৰ বাবে ৰাম মন্দিৰত দেখা গ’ল ৰামলালাৰ মূৰ্ত্তি। ৫৫০ বছৰীয়া পৰিক্ৰমাৰ অন্তত অৱশেষত অযোধ্যালৈ আহিল ৰাম( Ram Lalla idol at the Shri Ram Janmaboomi Temple in Ayodhya)।

সোমবাৰে প্ৰাণ প্ৰতিষ্ঠাৰ শুভ ক্ষণ ১২ বাজি ২৯ মিনিট আৰু ৮ ছেকেণ্ডৰ পৰা আৰম্ভ হৈ ১২ বাজি ৩০ মিনিট আৰু ৩২ ছেকেণ্ডলৈ আছিল। অৰ্থাৎ শুভ ক্ষণ কেৱল ৮৪ ছেকেণ্ডৰ। এই সময়চোৱাতে হয় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা(PM Modi unveils Ram Lalla idol)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্পন্ন কৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূজা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে উপস্থিত থাকে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে ৰাম মন্দিৰত সেনাৰ হেলিকপ্টাৰৰ দ্বাৰা পুষ্পাবৃষ্টি হয়।এক আধ্যত্মিক পৰিৱেশৰ মাজত সম্পন্ন হয় এই কাৰ্যসূচী।