Local, Vocal, Global

PM Modi unveils, lays foundation of projects worth over Rs 34,000 cr in UP : উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিলে ৩৪,৭০০ কোটি টকাৰ প্ৰকল্পৰ

নেশ্যনেল ডেস্ক, ১০মাৰ্চ : নিৰ্বাচনৰ পূৰ্বে তৎপৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আজি প্ৰদেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভিন্ন প্ৰান্তত কোটি কোটি টকাৰ নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে উত্তৰ প্ৰদেশত প্ৰায় ৩৪,৭০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে(PM Modi inaugurates, lays foundation of development projects worth over Rs 34,000 cr in UP) ।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি আজমগড়, শ্ৰাৱস্তী, চিত্ৰকূট আৰু আলিগড় বিমানবন্দৰ আৰু লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰে ।

প্ৰধানমন্ত্ৰীয়ে ১০৮ কোটি ব্যয়েৰে নিৰ্মাণ কৰা আজমগড়ৰ মহাৰাজা সুহেল দেৱ ৰাজ্যিক বিশ্ববিদ্যালয়ো উদ্বোধন কৰে । তেওঁ ১১,৫০০ কোটি টকাৰ ৫ টা মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত উত্তৰ প্ৰদেশৰ ৫৯ খন জিলাত নিৰ্মাণ কৰা ৫,৩৪২ কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ পথ উদ্বোধন কৰে । উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰীয়ে ৮,২০০ কোটি টকাৰ ১২ টা ৰে’ল প্ৰকল্পৰো শুভাৰম্ভ কৰে । তেওঁ ৰাজ্যখনৰ প্ৰয়াগৰাজ, ইটাৱা আৰু জৌনপুৰ জিলাত ১,১১৪ কোটি টকাৰ নমামি গংগা যোজনাৰ অধীনত নিৰ্মাণ কৰা তিনিটা নৰ্দমা প্ৰকল্পও উদ্বোধন কৰে । প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌত লাইট হাউচ প্ৰকল্প (এলএইচপি) উদ্বোধন কৰাৰ কথা আছে যাৰ অধীনত আধুনিক আন্তঃগাঁথনিৰে ১,০৪০ তকৈও অধিক সুলভ ফ্লেট নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক : Six killed as truck hits car : ট্ৰাকে মহতিয়াই নিলে এখন চাৰি চকীয়া বাহন; নিহত ৬জন, আহত ৩জন