PM Modi UK counterpart Sunak hold talks discuss Israel-Hamas conflict : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষৰ বিষয়ে আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ । শুকুৰবাৰে পশ্চিম এছিয়াৰ উন্নয়ন আৰু ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষৰ বিষয়ে আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকে(PM Modi, UK counterpart Sunak hold talks, discuss Israel-Hamas conflict) ।
এক টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে তেওঁলোকে সন্ত্ৰাসবাদ, নিৰাপত্তা পৰিস্থিতিৰ অৱনতি আৰু অসামৰিক লোকৰ প্ৰাণহানিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে । সন্ত্ৰাসবাদ, নিৰাপত্তা পৰিস্থিতিৰ অৱনতি আৰু অসামৰিক লোকৰ প্ৰাণহানিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে দুয়োগৰাকী নেতাই(PM Modi, UK counterpart Sunak hold talks, discuss Israel-Hamas conflict, bilateral ties) ।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিত কয় যে, দুয়োগৰাকী নেতাই আঞ্চলিক শান্তি, নিৰাপত্তা, স্থিৰতা আৰু নিৰন্তৰ মানৱীয় সহায়ৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত ।”
ইফালে বিবৃতিটোত উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে সুনকক কাৰ্যকালৰ এটা বছৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায় । লগতে তেওঁলোকে পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তিৰ আগতীয়া সমাপ্তিৰ বাবে কৰা অগ্ৰগতিক আদৰণি জনায় । দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, উদীয়মান প্ৰযুক্তি, প্ৰতিৰক্ষা, নিৰাপত্তা, স্বাস্থ্য আৰু অন্যান্য ক্ষেত্ৰত দ্বিপাক্ষিক ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা বিষয়বোৰ অব্যাহত ৰখাৰ প্ৰতি শ্ৰদ্ধা ব্যক্ত কৰে । আনহাতে, দুয়োগৰাকী নেতাই নিৰন্তৰ যোগাযোগত থাকিবলৈ সন্মত হয় আৰু দেৱালীৰ উৎসৱ উপলক্ষে শুভেচ্ছা দিয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্স পোষ্টত কৰি কয় যে , “আজি সন্ধিয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সৈতে কথা পাতোঁ । এই আলোচনাৰ অৰ্থ হৈছে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰা । আমি এই কথাত সন্মত যে সন্ত্ৰাস আৰু হিংসাৰ কোনো স্থান নাই ।” প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে , “অসামৰিক লোকৰ মৃত্যু এক গুৰুতৰ চিন্তাৰ বিষয় । আঞ্চলিক শান্তি, নিৰাপত্তা, স্থিৰতা আৰু নিৰন্তৰ মানৱীয় সহায়ৰ দিশত কাম কৰাৰ প্ৰয়োজন(PM Modi UK counterpart Sunak hold talks discuss Israel-Hamas conflict bilateral ties) ।”
লগতে পঢ়ক : Indian-Origin Israeli Soldier Killed In Fighting In Gaza : অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা