Local, Vocal, Global

PM Modi to participate in Ramlila celebrations in Dwarka : ৰাৱণ দাহ কৰিবলৈ ৰামলীলা মৈদানলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নেশ্যনেল ডেস্ক, ২৪অক্টোবৰ : ৰাৱণ দাহ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি ৰাৱণ দাহ কৰিবলৈ ৰামলীলা মৈদানলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Modi to participate in Ramlila celebrations in Dwarka) ।

আজি বিজয়া দশমী । ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূজা–অৰ্চনাৰ অন্তত আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব ভক্তসকলে। প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ব শাৰদীয় দুৰ্গোৎসৱৰ উচাহ। বিজয়া দশমী মানেই দুৰ্গা মা উভতি যোৱা। ৫ দিনীয়া পূজা–অৰ্চনাৰ অন্তত ম্লান পৰিব পূজা মণ্ডপসমূহ(PM Modi to attend Dussehra celebrations in Dwarka)।

জানিব পৰা মতে, আজি সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বাৰকালৈ আহিব । ৰামলীলা সমিতিৰ আহ্বায়ক ৰাজেশ গেহলটে জানিবলৈ দিয়া অনুসৰি, বিজয়া দশমীৰ দিনা দ্বাৰকা উপনগৰৰ ছেক্টৰ ১০ ত অৱস্থিত ৰামলীলা মৈদানত ৰাৱণ দাহ কৰিবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াৰ পূৰ্বে ২০১৯ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই একে স্থানতে ৰাৱণ দহন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ।

দ্বাৰকা ছেক্টৰ ১০ ত আয়োজিত একাদশ গ্ৰেণ্ড ৰামলীলাত প্ৰধানমন্ত্ৰীৰ আগমন কথা সোমবাৰৰ দিনৰ ভাগৰ পৰ্যন্ত নিশ্চিত হোৱা নাছিল । সোমবাৰৰ সন্ধিয়া দেৰিকৈ প্ৰকাশ কৰা হৈছিল এই তথ্য(PM Modi to participate in Ramlila celebrations in Dwarka) ।

উল্লেখ্য যে, এমাহৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়বাৰৰ বাবে দ্বাৰকা ভ্ৰমণ: প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰকা অঞ্চললৈ একেটা মাহতে এয়া দ্বিতীয়টো ভ্ৰমণ । ইয়াৰ পূৰ্বে তেওঁ দ্বাৰকাত এটা ডাঙৰ কনভেনচন চেণ্টাৰ উদ্বোধন কৰিছিল । ইয়াৰ উপৰিও ২৩ নং দ্বাৰকা ছেক্টৰৰ নতুনকৈ নিৰ্মাণ কৰা মেট্ৰ’ ষ্টেচনটোও উদ্বোধন কৰা হয় । প্ৰধানমন্ত্ৰীৰ আগমনৰ ঘোষণাৰ লগে লগে পুৱাৰে পৰা অঞ্চলটোত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হয় ।প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

লগতে পঢ়ক : Defence Minister Rajnath Singh Visits Tawang : দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং