Local, Vocal, Global

PM Modi to launch ‘Viksit Bharat @2047 : সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত ২০৪৭ যুৱ কণ্ঠ’ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ : সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত ২০৪৭: যুৱ কণ্ঠ’ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi to launch ‘Viksit Bharat @2047)।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ ৰাজভৱনত আয়োজিত কৰ্মশালাত ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িতে ভাষণ প্ৰদান কৰিব । ভাষণ প্ৰদান কৰিব বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, প্ৰতিষ্ঠানৰ মুৰব্বী আৰু অধ্যাপক সদস্য সকলে , যিয়ে এই পদক্ষেপৰ আৰম্ভণিৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব(PM Modi to launch ‘Viksit Bharat @2047: Voice of Youth’ on Monday)।

পিএমঅ’ৰ এক বিবৃতি অনুসৰি দেশৰ ৰাষ্ট্ৰীয় পৰিকল্পনা, অগ্ৰাধিকাৰ আৰু লক্ষ্য প্ৰণয়নত দেশৰ যুৱক-যুৱতীসকলক সক্ৰিয়ভাৱে জড়িত কৰাটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোডীৰ সংকল্প ।

পিএমঅ’ই কয় যে এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ‘বিকশিত ভাৰত ২০৪৭ : যুৱ কণ্ঠ’ পদক্ষেপে দেশৰ যুৱক-যুৱতীসকলক বিক্ষিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীত ধাৰণা অৱদান আগবঢ়াবলৈ এক মঞ্চ প্ৰদান কৰিব।
কৰ্মশালাসমূহে যুৱক-যুৱতীসকলক তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শসমূহ বিকাশিত ভাৰত২০৪৭ৰ বাবে ভাগ-বতৰা কৰিবলৈ জড়িত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশত এক মূল পদক্ষেপ হ’ব।

ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰীয়া ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী হৈছে Viksit Bharat@2047 ৰ ।এই দৃষ্টিভংগীয়ে উন্নয়নৰ বিভিন্ন দিশ সামৰি লৈছে, য’ত অৰ্থনৈতিক বৃদ্ধি, সামাজিক প্ৰগতি, পৰিৱেশ বহনক্ষমতা, আৰু সুশাসন আদি অন্তৰ্ভুক্ত।

লগতে পঢ়ক : ULFA-I claims Responsibility for Grenade Attacks : ডিজিপিক প্ৰত্যুত্তৰ আলফা(স্বাঃ)ৰ ; শিৱসাগৰ আৰু তিনিচুকীয়াত গ্ৰেণেড বিস্ফোৰণৰ কৰি প্ৰত্যুত্তৰ জি পি সিঙক