Local, Vocal, Global

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব চাংসাৰিৰ AIIMS

ডিজিটেল ডেস্ক:-বহুদিনীয়া প্ৰতীক্ষা অন্ত পৰাৰ দিশে।মুকলি হোৱাৰ পথত গুৱাহাটীত নতুনকৈ নিৰ্মাণ হোৱা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ১৪ এপ্ৰিলত এই শিক্ষা প্ৰতিষ্ঠানটো উদ্বোধন কৰিব।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ কাষৰ চাংসাৰিতস্থিত নৱনিৰ্মিত ‘সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান AIIMS ত এইবৰ্ষৰ পৰাই পাঠদান আৰম্ভ হ’ব ।

বৃহস্পতিবাৰে স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে AIIMS ৰ চৌহদত উপস্থিত হৈ আনুষ্ঠানিক উদ্বোধনৰ সৈতে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰে। ইয়াৰোপৰি AIIMS কর্তৃপক্ষ, কামৰূপ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উদ্বোধনী প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকতো মিলিত হয়।

জানিব পৰা মতে,এই বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য় সচিব পৱন কুমাৰ বৰঠাকুৰে উদ্বোধনৰ বাবে অহা ৩১ মাৰ্চৰ ভিতৰত AIIMS সম্পূৰ্ণভাৱে সাজু কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে।উদ্বোধনী অনুষ্ঠানৰ বাবে AIIMS ৰ চৌহদ সাজু কৰি তোলাৰ দিশত সংশ্লিষ্ট কৰ্তৃপক্ষ,নিৰ্মাণকাৰী সংস্থা আৰু বিভাগ সমূহক প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়োৱা হৈছে।

উল্লেখ্য যে, এই বৈঠকত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত- সচিব সিদ্ধার্থ সিঙৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, AIIMS গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে ভাগ লয়। লগতে AIIMS নিৰ্মাণৰ দায়িত্বত থকা এ চি চি এলৰ প্ৰকল্প সমন্বয়ক, জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ লগতে লোকনির্মাণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা-কার্যবাহী অভিযন্তা, অসম শক্তি বিতৰণ নিগম লিমিটেড, অসম বিদ্যুৎ সংবহন নিগম লিমিটেড আৰু অসম শক্তি বিতৰক নিগম লিমিটেডৰ অভিযন্তা-কাৰ্যবাহী বিষয়াসকল উপস্থিত থাকে।
জানিব পৰা মতে, এই বৈঠকত স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য সচিবে উদ্বোধনৰ বাবে অহা ৩১ মাৰ্চৰ ভিতৰত AIIMS সম্পূর্ণভাৱে সাজু কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।