PM Modi To File Nomination Today : আজি প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

নিউজ ডেস্ক,১৪মে’ : আজি প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ৷ দিনৰ ১১.৩০ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব নৰেন্দ্ৰ মোদীয়ে৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসী আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব(PM Modi To File Nomination Today)।
জানিব পৰা মতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কাশীৰ ৰক্ষক হিচাপে জনাজাত বিখ্যাত কোতৱাল কাল ভৈৰৱ মন্দিৰ দৰ্শন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়িব । তেওঁ পুষ্প্য নক্ষত্ৰত পুৱা ১১ বজাৰ পিচত কালেক্টৰেট প্ৰেক্ষাগৃহত মনোনয়ন দাখিল কৰিব(PM Modi holds mega roadshow in Varanasi a day before filing nomination) ।
প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়নৰ সময়ত ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী অংশ ল’ব ।মনোনয়নৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।