PM Modi to attend Ram temple inauguration : অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা
নেশ্যনেল ডেস্ক, ২৬অক্টোবৰ : অৱশেষত মুকলি হ’ব ৰাম মন্দিৰ । ২০২৪ বৰ্ষৰ ২২জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ। সেই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশ প্ৰধান মন্ত্ৰীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ(Ram Mandir Pran Pratistha) ।
জানিব পৰা মতে, ৰাম জন্মভূমি ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক সম্পট ৰায়, ন্যাসৰ জ্যেষ্ঠ সদস্য তথা পেজাৱাৰ মঠৰ স্বামী বিশ্বেশ প্ৰসন্ন তীৰ্থ মাধৱাচাৰ্য মহাৰাজ, ন্যাসৰ কোষাধ্যক্ষ গোবিন্দ দেৱ গিৰি মহাৰাজ আৰু ভৱন নিৰ্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি অযোধ্যা ভ্ৰমণলৈ নিমন্ত্ৰণ জনায়(PM Modi to attend Ram temple inauguration) ।
উল্লেখ্য যে ২০২০ চনৰ ৫ আগষ্টত দেশৰ প্রধানমন্ত্ৰীয়ে অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা সমাপন কৰিছিল ।প্ৰায় তিনি বছৰ ছমাহৰ পাছত এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত আয়োজকৰ ভূমিকা পালন কৰিব ।
অহা ২২ জানুৱাৰীত ৰামৰ অভিষেক কাৰ্যসূচী বৃহৎ পৰিসৰত আয়োজন কৰা হ’ব । এই কাৰ্যসূচীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে । কিন্তু এই আয়োজনত সাধাৰণ জনতাক অন্তৰ্ভুক্ত কৰা হোৱা নাই(PM Modi to attend Ram temple inauguration in January) ।
দেশ প্ৰধানমন্ত্রী মোডীয়ে এই আমন্ত্রণ লাভ কৰাৰ পাছতে এক টুইটযোগে জনায় যে, এই দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে সদাস্মৰণীয় হৈ ৰ’ব। ভগৱান শ্ৰীৰামৰ আশীর্বাদ সদায় আমাৰ ওপৰত থাকক, ভাৰত প্ৰগতিৰ নতুন শিখৰলৈ ধাৱমান হওক। লগতে এই ঐতিহাসিক মুহূৰ্ত্তৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ পাই প্ৰধান মন্ত্ৰী মোডীয়ে নিজকে সৌভাগ্যৱান অনুভৱ কৰিছে বুলিও মন্তব্য আগবঢ়ায়।
লগতে পঢ়ক :Deprived From Govt Schemes : বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?