Local, Vocal, Global

PM Modi speaks to workers rescued from Uttarkashi Tunnel : সুৰংগৰ পৰা উদ্ধাৰ শ্ৰমিকসকলৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ : মঙলবাৰে নিশা ৮ বজাত ১৭ দিনৰ উদ্ধাৰকাৰীৰ দলৰ শ্বাসৰুদ্ধকাৰী অভিযানৰ অন্ত পৰিল । অন্ত পৰিল দেশৰ ভিন্ন স্থানৰ ৪১ টাকৈ পৰিয়ালৰ দুঃচিন্তা। সুস্থভাৱে উদ্ধাৰ হ’ল শ্ৰমিকসকল । এজন এজনকৈ ৪১ জন শ্ৰমিকক প্ৰায় ৪৫ মিনিটৰ ভিতৰতে সুৰংগৰ পৰা উলিয়াই আনে এন ডি আৰ এফৰ জোৱানে( Tunnel ordeal ends, all 41 trapped workers rescued) । উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযানৰ সময়ত উদ্ধাৰস্থলীত উপস্থিত থাকে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও । মুখ্যমন্ত্ৰী ধামীয়ে সুৰংগ পৰা ওলাই অহা শ্ৰমিকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে কথা পাতে সুৰংগৰ পৰা উলিয়াই অনা ৪১জন শ্ৰমিকৰ সৈতে(PM Modi speaks to workers rescued from Uttarkashi Tunnel) ।

প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে বাৰ্তালাপ কৰি শ্ৰমিকসকলৰ স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে বুজ লয় লগতে তেওঁলোকক উৎসাহিত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰমিকসকলক প্ৰশংসা কৰি কয় যে, ‘‘আপোনালোক সকলোৰে ওপৰত বাবা কেদাৰনাথৰ আশীৰ্বাদ আছিল। সংকটৰ সময়ত আপুনি ইজনে সিজনক উৎসাহিত কৰিছিল। আপোনালোকৰ পৰিয়ালেও আমাক সহায় কৰিছিল। এই উদ্ধাৰ অভিযান মানৱতা আৰু দলীয় কামৰ এক আচৰিত নিদৰ্শন।’’

উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতেও কথা পাতি শ্ৰমিককেইজনৰ বাবে কৰা ব্যৱস্থা সম্পৰ্কে তথ্য গ্ৰহণ কৰে। উদ্ধাৰকৃত শ্ৰমিকসকলৰ স্বাস্থ্যসেৱা, ঘৰ পঠিওৱা তথা পৰিয়াল আদিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে মুখ্যমন্ত্ৰীৰ পুষ্কৰ ধামীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে।

মুখ্যমন্ত্রী ধামীয়ে প্রধানমন্ত্রীক জনায় যে সুৰংগটোৰ পৰা নিৰাপদে উদ্ধাৰৰ পাছত সকলো শ্রমিকক পোনপটীয়াকৈ চিনিয়ালিছাউৰ চিকিৎসালয়লৈ নিয়া হয়, য’ত তেওঁলোকৰ প্রয়োজনীয় স্বাস্থ্য পৰীক্ষা আদি কৰা হৈছে । ইয়াৰোপৰিও শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলকো চিনিয়ালিছাউৰলৈ লৈ যোৱা হৈছে য’ৰ পৰা ৰাজ্য চৰকাৰে তেওঁলোকৰ সুবিধা অনুযায়ী ঘৰলৈ সুকলমে নিয়াৰ সম্পূৰ্ণ ব্যৱস্থা কৰিব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ‘‘প্ৰধানমন্ত্ৰীৰ সুদক্ষ পথ প্ৰদৰ্শনৰ বাবেহে এই উদ্ধাৰ অভিযান সফল হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো সংস্থাৰ সমন্বয়ত আমি ৪১ জন শ্ৰমিকক নিৰাপদে উলিয়াবলৈ সক্ষম হৈছো।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ছিলকিয়াৰা সুৰংগ পৰা শ্ৰমিকসকলক নিৰাপদে ওলাই অনা আৰু এই উদ্ধাৰ অভিযানৰ সফলতাৰে সম্পৰ্ণ হোৱাৰ এক আৱেগিক মুহূৰ্ত বুলি অভিহিত কৰি এই উদ্ধাৰ অভিযানৰ সৈতে জড়িত সকলো লোকৰ বিশ্বাসক প্ৰণাম জনাইছে(Success of tunnel rescue operation an emotional moment: PM Modi)।

লগতে পঢ়ক : Anandaram Baruah Award Distribution : শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আনন্দৰাম বৰুৱা বঁটা বিতৰণী অনুষ্ঠান