Local, Vocal, Global

PM Modi Russia Visit: পুৱাই ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,২২অক্টোবৰ : পুৱাই ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী(PM Modi Russia Visit)।

১৬ সংখ্যক BRICS সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আজি ৰাছিয়ালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ৰাছিয়াৰ কাজান চহৰত অনুষ্ঠিত হ’ব BRICSৰ সন্মিলন৷ ৫ মাহৰ ভিতৰত ৰাষ্ট্ৰপতিগৰাকীৰে সৈতে মোদীৰ এয়া হ’ব দ্বিতীয় সাক্ষাৎকাৰ৷

অল ইণ্ডিয়া ৰেডিঅ’ই প্ৰকাশ কৰা এটা ভিডিঅ’ত এই বিষয়ে বিশদভাৱে জানিব পৰা গৈছে।

খবৰ অনুসৰি, এই সন্মিলনৰ প্ৰথম দিনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। BRICS সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকৰো আয়োজন কৰিব।প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণৰ সময়ত ভাৰত আৰু চীনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব(PM Narendra Modi leaves for Kazan to attend Brics Summit)।

লগতে পঢ়ক :Tanzil hussain will file nomination on 24th october : ২৪ অক্টোবৰত মনোনোয়ন পত্ৰ দাখিল কৰিব তানজিল হুছেইনে