Local, Vocal, Global

দিল্লী পালে লাচিত, থৰহৰি কম্পমান মোগল!

নিউজ ডেস্কঃ যাৰ ত্যাগ, সাহস আৰু বীৰোচিত গাথাঁই মূৰ তুলি জীয়াবলৈ শিকালে বৃহত্তৰ অসমীয়া জাতিক সেইজন মহাবীৰ লাচিত বৰফুকনৰ আজি ৪০০ সংখ্যক জন্ম জয়ন্তী। মহাবীৰ জনাৰ জন্মজয়ম্তী উপলক্ষে ২৩ নৱেম্বৰত নতুন দিল্লীত কিংবদন্তি অসমৰ মহান সেনাধিনায়ক তথা লোকনায়ক বিশ্ব মহাবীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজু।

যোৱা সপ্তাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহান সেনাপতি গৰাকীৰ ৪০০ তম জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ দ্বাৰা ৰচিত এটি গীত মুকলি কৰিছিল। এই গীতটো ‘মহাবীৰ’ লাচিতৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় আৰু আশা প্ৰকাশ কৰে যে ই জনসাধাৰণৰ মাজত “জাতীয়তাবাদী উৎসাহ” বৃদ্ধি কৰিব।

২৩ নৱেম্বৰত নতুন দিল্লীত কিংবদন্তি অসমৰ মহান সেনাপতি, লোকনায়ক লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তীৰ তিনিদিনীয়া উদযাপনৰ কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে উপস্থিত থাকিব।