Local, Vocal, Global

PM Modi oath-taking ceremony : তৃতীয়বাৰৰ বাবে দেশৰ শাসনৰ বাঘজৰী চম্ভালিবলৈ সাজু বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ

নিউজ ডেস্ক,৯জুন : সাজু বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ক্ৰমাগত তৃতীয়বাৰৰ বাবে দেশৰ শাসনৰ বাঘজৰী চম্ভালিবলৈ ৷ ইতিমধ্যে উপস্থিত হৈছে ৰাজধানী চহৰ নতুন দিল্লীত নৱনিৰ্বাচিত সকলো সাংসদ সদস্য ৷

দেওবাৰে নৰেন্দ্ৰ মোদীয়ে ক্ৰমাগত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ৷ সন্ধিয়া ৭বাজি ১৫মিনিটত আৰম্ভ হ’ব মোডীৰ শপত গ্ৰহণ অনুষ্ঠান। প্ৰধানমন্ত্ৰীক শপতবাক্য পাঠ কৰাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

বিজেপি নেতৃত্বাধীন এন ডি এ ৰ অংশীদাৰ দলসকলৰো মুৰব্বীসকল এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নতুন দিল্লীত বাহৰ পাতিছে(PM Modi oath-taking ceremony) ৷

লগতে পঢ়ক : Unidentified Body Found in Tinsukia Petrol Pump : পেট্ৰল পাম্পৰ শৌচালয়ত উদ্ধাৰ অৰ্ধগলিত মৃতদে