PM Modi meets ISRO scientists : ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ;চন্দ্ৰমাত চন্দ্ৰযান–৩য়ে অৱতৰণ কৰা স্থানক ‘শিৱশক্তি’ নামেৰে নামকৰণ

নেশ্যনেল ডেস্ক, ২৬আগষ্ট : শনিবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশৰ পৰা উভতি আহে আৰু উভতি আহিয়ে ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰে(PM Modi meets ISRO scientists) । বিমানবন্দৰৰ পৰা পোনে পোনে ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । চন্দ্ৰযান-৩ৰ সফল অভিযানৰ পাছত বিদেশৰ পৰা উভতি আহি বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কত (আইএছটিআৰএচি) উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইছৰোৰ প্ৰতিগৰাকীৰ কৰ্মকৰ্তাৰ লগত মত বিনিময় কৰে আৰু চন্দ্ৰযান-৩ৰ সফল অভিযানৰ অভিনন্দন জনায় (PM Modi meets ISRO scientists in Bengaluru)।
উল্লেখ্য যে, বেংগালুৰুৰ এইচএএল বিমানবন্দৰৰ বাহিৰত প্ৰধানমন্ত্ৰীয়ে ‘জয় বিজ্ঞান জয় অনুসন্ধান’ ধ্বনি দিয়ে। বিমানবন্দৰৰ বাহিৰত আদৰণী জনাবলৈ ৰৈ থকা লোকসকলক অভিবাদন জনায় মোদীয়ে (PM Modi meets Isro scientists in Bengaluru)।
ইছৰ’ৰ বিজ্ঞানীসকলৰ লগত হোৱা সাক্ষাৎত প্ৰধানমন্ত্ৰীৰ মোডীয়ে কয় , আজি আপোনালোকৰ মাজলৈ আহি আনন্দ অনুভৱ কৰিছো। ২৩ আগষ্টৰ সেই ঐতিহাসিক দিনটোৰ এটা এটা ছেকেণ্ড চকুৰ আগত বাৰে বাৰে ভাহি আছে।”জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধন,” বাক্যৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- ইছৰোৰ এই সফলতাত উৎফুল্লিত ভাৰতীয়ই সেই ঐতিহাসিক ক্ষণক কেতিয়াও পাহৰিব নোৱাৰে।
যেতিয়া Touch Down কনফাৰ্ম হ’ল, যেতিয়া ইছৰ’ চেণ্টাৰত, সমগ্ৰ দেশ আনন্দিত হৈছিল, সেই দৃশ্য কোনে পাহৰিব পাৰে? ইছৰ’ৰ বিজ্ঞানীসকলক মোদীয়ে কয় যে আমাৰ ‘মুন লেণ্ডাৰ’–এ ‘অংগদ’ৰ দৰে চন্দ্ৰমাত শক্তিশালী খোজ পেলাইছে। এফালে বিক্ৰমৰ বিশ্বাস, আনফালে প্ৰজ্ঞানৰ পৰাক্ৰম। আজি সমগ্ৰ বিশ্বই ভাৰতৰ বিজ্ঞান যাত্ৰা, আমাৰ প্ৰযুক্তি আৰু আমাৰ Scientific Temperament মানিবলৈ বাধ্য হৈছে। চন্দ্ৰযান মহা অভিযান কেৱল ভাৰৰে নহয়, সমগ্ৰ মানৱতাৰ সফলতা( August 23 to be celebrated as National Space Day announces PM Modi after Chandrayaan 3 Moon landing success)।
লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, চন্দ্ৰযান -৩ৰ সফলত অৱতকৰণৰ সেই মুহূৰ্তত প্ৰতিজন ভাৰতীয়ই এই জয়ক নিজৰ জয় হিচাবে অনুভৱ কৰিছিল। লেণ্ডাৰ বিক্ৰম তথা ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠ অৱতৰণ কৰা দৃশ্য চোৱাৰ কথাও ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।তদুপৰি ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে- ইছৰোৰ এই সফলতাৰ বাবেই বিশ্ববাসীয়ে ভাৰতৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়গান গাইছে। এই সফলতা মানৱতাৰ জয় বুলি কৈ চন্দ্ৰযান-৩য়ে উদ্ঘাটন কৰা তথ্যই বিশ্বৰ প্ৰতিখন দেশৰে সহায়ক হিচাবে থিয় দিব বুলি তেওঁ বক্তব্যত সামৰি লয়।
উল্লেখ্য যে, ইছৰ’ চেণ্টাৰত বিজ্ঞানীসকলক প্ৰধানমন্ত্ৰীয়ে কয় যে স্পেচট মিছনৰ touchdown– পইণ্টক এটা নাম দিয়াৰ এক বৈজ্ঞানিক পৰম্পৰা আছে। চন্দ্ৰমাৰ যি স্থানত আমাৰ চন্দ্ৰযান অৱতৰণ কৰিছে, ভাৰতে সেই স্থানৰ নামকৰণৰ সিদ্ধান্ত লৈছে। যি স্থানত চন্দ্ৰযান–৩ লেণ্ডাৰ অৱতৰণ কৰিছে, সেই স্থানক ‘শিৱশক্তি’ নামেৰে জনা যাব। ‘শিৱ’ত মানৱতাৰ কল্যাণৰ সংকল্প সমাহিত আছে আৰু ‘শক্তি’ৰে আমি সেই সংকল্পক পূৰণ কৰাৰ সামৰ্থ্য লাভ কৰোঁ।মোদীয়ে লগতে কয়, চন্দ্ৰযান–৩ৰ ক্ষেত্ৰত আমাৰ মহিলা বিজ্ঞানীসকলে, দেশৰ নাৰীশক্তিয়ে কিমান ডাঙৰ ভূমিকা পালন কৰিছে। চন্দ্ৰমাৰ ‘শিৱশক্তি’ পইণ্ট শতিকালৈ ভাৰতৰ এই বৈজ্ঞানিক আৰু দাৰ্শনিক চিন্তাৰ সাক্ষী হৈ থাকিব(Chandrayaan-3 landing spot on Moon to be known as Shiv Shakti point)।
লগতে পঢ়ক :chandrayaan-3 soft landing: ইতিহাস ৰচিলে ভাৰতে,সফল হ’ল ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩