Local, Vocal, Global

PM Modi likely to take oath for third term on June 8 : ৮ জুনত পুনৰ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক,৫জুন : ৮ জুনত পুনৰ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দিল্লীত মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব মোদী। ইতিমধ্যে আজি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত দাখিল কৰিছে পদত্যাগ পত্ৰ। প্ৰধানমন্ত্ৰীয়ে নিজৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰাষ্ট্ৰপতিৰ হাতত। ৰাষ্ট্ৰপতিয়ে এই পদত্যাগ পত্ৰ স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলক নতুন চৰকাৰ গঠন হোৱালৈ নিজৰ পদত থকাৰ বাবে অনুৰোধ জনায়(PM Modi likely to take oath for third term on June 8)।

লগতে পঢ়ক :Prime Minister Narendra Modi tenders his resignation : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ