Local, Vocal, Global

PM Modi leaves for UAE : ফ্ৰান্সৰ ভ্ৰমণ সামৰি ইউ এ ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ১৫ জুলাই : দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমিৰালৈ যাত্ৰা কৰে(PM Modi leaves for UAE) ৷ এই ভ্ৰমণৰ সময়ত তেওঁ সংযুক্ত আৰৱ আমিৰাৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব ৷

শনিবাৰে দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ আমিৰালৈ যাত্ৰা কৰে(Prime Minister Narendra Modis visit to the UAE after France) ৷ প্ৰতিৰক্ষা, নিৰাপত্তা আৰু শক্তিকে ধৰি বিভিন্ন খণ্ডত ভাৰত আৰু UAEৰ মাজত দ্বিপাক্ষিক বৈঠকৰ বাবে তেওঁ আবু ধাবিলৈ যায় ৷ এই ভ্ৰমণৰ সময়ত তেওঁ সংযুক্ত আৰৱ আমিৰাৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব ৷

ভাৰতৰ পৰা যাত্ৰা কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এক বিবৃতিত কয় যে “পেৰিছৰ পৰা মই ১৫ জুলাইত চৰকাৰী ভ্ৰমণৰ বাবে সংযুক্ত আৰব আমিৰ শ্বাহীৰ আবু ধাবিলৈ যাত্ৰা কৰিম ৷ মোৰ বন্ধু UAEৰ ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসক শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক লগ পাবলৈ আগ্ৰহী ৷

তেওঁ লগতে কয় যে, “আমাৰ দুয়োখন দেশ বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ দৰে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে ৷ যোৱা বছৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আৰু মই আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যত সম্পৰ্কে এক ৰোডমেপত সন্মত হৈছিলো আৰু আমাৰ সম্পৰ্ক কেনেদৰে অধিক গভীৰ কৰিব পাৰি সেই বিষয়ে তেওঁৰ সৈতে আলোচনা কৰিবলৈ মই আশাবাদী,৷”

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ফ্ৰান্সত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়ছোৱাতে প্ৰধানমন্ত্ৰী মোডীলৈ ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ডক্ৰছ অৱ দা লেজিয় অৱ অনাৰ’ আগবঢ়োৱা হৈছিল।

সম্প্ৰতি প্ৰধানমন্ত্ৰী মোডীয়ে দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি শনিবাৰে ইউ এ ইলৈ যাত্ৰা কৰে। ইউ এ ই ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা,নিৰাপত্তা আদি কেতবোৰ খণ্ডৰ সন্দৰ্ভত ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বৈঠকত মিলিত হ’ব।

লগতে পঢ়ক : India selected 26 Rafale fighters for Navy : ভাৰতে নৌসেনাৰ বাবে ২৬খন ৰাফেল যুঁজাৰু বাছনি কৰিছে