Local, Vocal, Global

PM Modi lays foundation stone of tata semi conductor : জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ১৩ মাৰ্চ : আজি জাগীৰোডত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী শিলান্যাস কৰিলে প্ৰকল্পটোৰ । টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ, য’ত ৩০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে(PM Modi lays foundation stone of tata semi conductor)।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কয়, ‘‘আজিৰ দিনটো এক ঐতিহাসিক দিন। আজি আমি ইতিহাস ৰচনা কৰিছো, আমি উজ্জ্বল ভৱিষ্যতৰ দিশে এক ডাঙৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো। আজি ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ সৈতে জড়িত তিনিটা ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ল। অসমৰ মৰিগাঁৱত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সুবিধাই ভাৰতক ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ বৃহৎ গ্ল’বেল হাব কৰি তোলাত সহায় কৰিব। মই দেশবাসীক এই গুৰুত্বপূৰ্ণ আৰম্ভণিৰ বাবে, শক্তিশালী পদক্ষেপৰ বাবে অভিনন্দন জনাইছো(PM Modi lays foundation stone of tata semi conductor in Jagiroad)।’’

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘মই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই কথাত একমত যে উত্তৰ পূবত কেতিয়াও কোনেও ইমান ডাঙৰ পদক্ষেপ লোৱাৰ কথা ভবা নাছিল। আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমৰ আৰু উত্তৰ পূবৰ লোকসকলক মই অভিনন্দন জনাইছো। দক্ষিণ পূব এছিয়াৰ সৈতে জড়িত হোৱাৰ আটাইতকৈ ডাঙৰ শক্তিশালী ক্ষেত্ৰ হ’ব উত্তৰ-পূব।’’

লগতে পঢ়ক : youth injured in Leopard attack : যোৰহাটৰ ললিতি চাপৰিত নাহৰফুটুকীৰ সন্ত্ৰাস; নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱক