Amrit Bharat Station Scheme : অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সত গৌৰীপুৰ ৰেলৱে ষ্টেচনৰ আধাৰ শিলা স্থাপন

গৌৰীপুৰ, ৬ আগষ্ট : অমৃত ভাৰত ষ্টেচন স্কীমৰ অধীনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ভিডিঅ’ কনফাৰেন্সত গৌৰীপুৰ ৰেলৱে ষ্টেচন পুনৰ উন্নয়নৰ বাবে আধাৰ শিলা স্থাপন কৰে(Amrit Bharat Station Scheme) ।
নৰেন্দ্ৰ মোদীৰ এই ডিডিও কনফাৰেন্স অনুষ্ঠানত উপস্থিত থাকে ৰেলৱে বিভাগৰ বহু উচ্চ পদস্থ বিষয়া, বিভিন্ন ৰাজনৈতিক নেতা কৰ্মী, বহু কেইখন বিদ্যালয়ৰ শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰী সকলোৰ লগতে কেইবা শতাধিক ৰাইজ।
ষ্টেচন পুনৰ উন্নয়নৰ ক্ষেত্ৰত যাত্ৰী সকলৰ বাবে পৰ্যাপ্ত পৰিমাণে পাব লগা সুবিধা সমুহৰ ওপৰত পূৰণ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে(PM Modi lays foundation stone for redevelopment of 508 Amrit Bharat Stations)।
বিশেষকৈ ষ্টেচনত থকা খোৱা পানী ব্যৱস্থা, যাত্ৰী সকলৰ বাবে জিৰণি কোঠা, বহিলৈ ঠাই, ইলেকট্ৰনিক বিদ্যুৎৰ সুবিধা, চি চি কেমেৰাৰ সুবিধা আৰু যাত্ৰী সকলৰ বাবে সৌশাগাৰৰ ব্যবস্থা বোৰৰ ক্ষেত্ৰত বিশেষকৈ উন্নত কৰা কৰাৰ বাবেও বিভাগীয় কতৃপক্ষৰ ওচৰত সুবিধা কৰি দিয়াৰ বাবে দাবী জনাইছে।
গৌৰীপুৰ এখন ঐতিহাসিক ঠাই হিচাপে ষ্টেচন খন অতিকৈ পিছপৰা হৈ আছে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। গৌৰীপুৰৰ পৰা কলকতা, দিল্লী, হাৰিয়ানা আদি যোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে ৰেলৰ সুবিধা কৰি দিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে।
আজিৰ দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেলগে কেইবা খনো ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে ।
লগতে পঢ়ক :Amrit Bharat Station Scheme: আজি দেশৰ ৫০৮ টা ৰে’ল ষ্টেচনৰ উন্নিতকৰণৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ