PM Modi lands in Washington DC for 2-day visit:দুদিনীয়া কাৰ্যসূচীৰে ৱাশ্বিংটনত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,১৩ফেব্ৰুৱাৰী : ৰাষ্ট্ৰপতি হিচাপে শপত লৈয়ে ড’নাল্ড ট্ৰাম্পে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে আমেৰিকা প্ৰশাসনে ভাৰতলৈও তেনে অবৈধ নাগৰিকক বিতাড়িত কৰিছে । যাক লৈ ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
দুদিনীয়া কাৰ্যসূচীৰে ৱাশ্বিংটনত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণ কালত প্ৰধানমন্ত্ৰী মোদীয়ে ৱাশ্বিংটনৰ নতুন ‘‘আমেৰিকা ফাৰ্ষ্ট’’ বাণিজ্য কাৰ্যসূচীৰ লগতে প্ৰব্ৰজন সম্পৰ্কীয় বিষয়সমূহ ট্ৰাম্পৰ সৈতে আলোচনা কৰিব বুলি আশা কৰা হৈছে ।
দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে। তাৰ পিছত দুয়োগৰাকী নেতাৰ মাজত এয়া প্ৰথম দ্বিপাক্ষিক আলোচনা হ’ব । বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক আতিথ্য দিব । মোদীয়ে আমেৰিকাৰ ৰাজধানী চহৰৰ কেন্দ্ৰত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অতিথিশালা ব্লেয়াৰ হাউচতে থাকিব(PM Modi lands in Washington DC for 2-day visit)।
ইফালে ট্ৰাম্পৰ শুল্ক নীতিয়ে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে । মোদীৰ মুখ্য অগ্ৰাধিকাৰ হ’ব পাৰে ভাৰতৰ বিৰুদ্ধে ৱাশ্বিংটনৰ দ্বাৰা যিকোনো শাস্তিমূলক বাণিজ্য ব্যৱস্থাক প্ৰতিহত কৰা । ভাৰত-আমেৰিকাৰ সম্পৰ্ক নিবিড়ভাৱে অনুসৰণ কৰা একাংশই কৈছে যে অধিক শুল্ক পৰিহাৰ কৰিবলৈ আৰু সামগ্ৰিক বাণিজ্যিক পৰিসৰ সম্প্ৰসাৰিত কৰাৰ বাবে দুয়োপক্ষই বাণিজ্য চুক্তিৰ বিকল্প অন্বেষণ কৰাৰো সম্ভাৱনা আছে ।
তেওঁলোকৰ বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু প্ৰব্ৰজনৰ দৰে ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে । আলোচনাৰ বিষয়বস্তু সঠিকভাৱে কোৱা কঠিন যদিও দুয়োগৰাকী নেতাৰ বৈঠকে এতিয়া বিশ্ববাসীৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে ।
ট্ৰাম্প প্ৰশাসনে ১০৪ গৰাকী ভাৰতীয়ক সামৰিক বিমানেৰে বিতাড়িত কৰাৰ মাত্ৰ কেইদিনমান পিছতে প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে । শেহতীয়াকৈ ট্ৰাম্পে আমেৰিকাত বিশ্বব্যাপী ইস্পাত আৰু এলুমিনিয়াম আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণা কৰিছিল ।
এইটোৱে আমেৰিকালৈ ইস্পাত আৰু এলুমিনিয়াম ৰপ্তানি কৰা ভাৰতীয় প্ৰতিষ্ঠানসমূহক আঘাত কৰিব বুলি আশা কৰা হৈছে । নতুন দিল্লীয়ে হোৱাইট হাউচৰ দ্বাৰা কিছু পাৰস্পৰিকতা প্ৰদান কৰা বিভিন্ন খণ্ডত শুল্ক হ্ৰাস কৰাৰ কথা বিবেচনা কৰিব পাৰে যদিও মোদী আৰু ট্ৰাম্পে শুল্কৰ ওপৰত নিৰ্দিষ্ট আলোচনা কৰাৰ সম্ভাৱনা নাই ।
ভাৰত আৰু আমেৰিকাৰ মাজত যোৱা বছৰ দ্বিপাক্ষিক বাণিজ্য আছিল প্ৰায় ১৩০ বিলিয়ন আমেৰিকান ডলাৰ । দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ ইণ্ডো-পেচিফিকৰ সামগ্ৰিক পৰিস্থিতি আৰু পশ্চিম এছিয়াৰ উন্নয়নৰ বিষয়েও আলোচনা কৰাৰ সম্ভাৱনা আছে । মোদী আৰু ট্ৰাম্পে শক্তি খণ্ডত সম্পৰ্ক বঢ়োৱাত গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্স ভ্ৰমণৰ পিছতে ৱাশ্বিংটনত উপস্থিত হয় ।
লগতে পঢ়ক :Child Marriage: বাল্য বিবাহৰ সময়তে কইনা-দৰা আৰু অভিভাৱকক গ্ৰেপ্তাৰ