PM Modi Inaugurates Sela Tunnel And Unveils Development Projects In Arunachal Pradesh : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ছেলা সুৰংগ

নিউজ ডেস্ক, ৯ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰিলে ছেলা সুৰংগ। উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সংলগ্ন হোৱাকৈ ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে চেলা সুৰংগ ।
এই প্ৰকল্পটোত ৪৭৫ মিটাৰ আৰু ১,৭৯০ মিটাৰ দৈৰ্ঘৰ দুটা সুৰংগ আছে যিয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ প্ৰায় ৯.২২০ কিলোমিটাৰ যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব । প্ৰকল্পটোত দুটা সুৰংগৰ লগতে ৯৮০ মিটাৰ এস্কেপ টিউব ব্যৱহাৰ কৰা হৈছে(PM Modi inaugurates several developmental projects including strategic Sela Tunnel) ।
সুৰংগৰ ভিতৰত আছে অত্যাধুনিক প্ৰযুক্তিৰ লাইট, চিচিটিভি কেমেৰা আৰু কেইবাটাও প্ৰস্থান দুৱাৰ । প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিব সীমান্ত পথ সংস্থাৰ দায়িত্বত থকা বিষয়াই আৰু যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি ।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্ৰদেশত ৪১,০০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
এই প্ৰকল্পসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে নিম্ন দিবাং উপত্যকা জিলাত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্প (২৮৮০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰে। ৩১,৮৭৫ কোটি টকাতকৈ অধিক ব্যয়ৰে ই দেশৰ সৰ্বোচ্চ বান্ধৰ গঠন হ’ব, যিয়ে বিদ্যুৎ উৎপাদন কৰিব, বানপানীক মধ্যমীয়া কৰিব, আৰু আৰ্থ-সামাজিক উন্নয়নক লাভান্বিত কৰিব।
আন আন প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম’ৰ অধীনত পথ, পৰিৱেশ, আৰু পৰ্যটনৰ পদক্ষেপ, বিদ্যালয়সমূহক ৫০খন সোণালী জয়ন্তী বিদ্যালয়লৈ উন্নীতকৰণ, আৰু ড’নি-প’লো বিমানবন্দৰৰ পৰা নাহৰলাগুন ৰে’লৱে ষ্টেচনলৈ সংযোগ প্ৰদান কৰা ডাবল লেন পথ নিৰ্মাণ(PM Modi Inaugurates Sela Tunnel And Unveils Development Projects In Arunachal Pradesh)।
প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্ৰদেশত পথ প্ৰকল্প, জল জীৱন অভিযানৰ অধীনত প্ৰায় ১১০০টা প্ৰকল্প, ইউনিভাৰ্চেল চাৰ্ভিচ অবলিগেচন ফাণ্ড (ইউ এছ অ’ এফ)ৰ অধীনত ১৭০টা টেলিকম টাৱাৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পও উৎসৰ্গা কৰে। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত ৩৫ হাজাৰৰো অধিক ঘৰ হিতাধিকাৰীক দিয়ে।