PM Modi Inaugurates Projects Worth Rs 18,000 Crore : যোৰহাটৰ বিশাল জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ, শুভাৰম্ভ কৰিলে ১৮ হাজাৰ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ

নিউজ ডেস্ক, ৯ মাৰ্চ : যোৰহাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশাল জনসভা ৷ যোৰহাট মেলেং হোলোঙাপাৰস্থিত লাচিত মৈদামত লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি দেশবাসীৰ বাবে উৰ্চগা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi inaugurates projects worth Rs 18,000 crore in Jorhat) ।
হোলোঙোপাৰাৰ লাচিত মৈদামৰ পৰা গৈ যোৰহাটৰ টীয়ক মেলেং মেটেলি ৰাজহুৱা সভাত অংশ লয় প্ৰধানমন্ত্ৰী মোদীয়ে । উক্ত ৰাজহুৱা সভাৰ পৰাই অসম তথা দেশবাসীৰ বাবে কেইবাটাও প্ৰকল্প, আঁচনিৰ আধাৰশিলা মুকলি কৰাৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে(PM Modi Inaugurates Projects Worth Rs 18,000 Crore In Jorhat) ।
যোৰহাটৰ মেলেঙত বিশাল জনসভাত ১৮ হাজাৰ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ শুভাৰম্ভ আৰু শিলান্যাস কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । PMAYৰ ৫,৫৫,৫৫৫টা গৃহ ভাৰ্চুৱেলী উন্মোচন কৰিলে নৰেন্দ্ৰ মোদীয়ে ।