PM Modi honoured with Dominica’s top civilian award: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা
নিউজ ডেস্ক,২১নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা। ৰাষ্ট্ৰপতি ছিলভানী বাৰ্টনে প্ৰদান কৰে ‘ডমিনিকা এৱাৰ্ড ফৰ অনাৰ’ সন্মান। ক’ভিডকালীন সময়ত কেৰিবিয়ান ৰাষ্ট্ৰলৈ আগবঢ়োৱাৰ সহায়ৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত হ’ব বুলি আশা ব্যক্ত কৰে ৰাষ্ট্ৰপতি বাৰ্টনে(PM Modi honoured with Dominica’s top civilian award)।
সন্মান প্ৰদানৰ প্ৰসংগত ৰাষ্ট্ৰপতি ছিলভানি বাৰ্টনে কয়- কোভিডৰ সময়ত ভাৰতে দ্বীপৰাষ্ট্ৰখনক ৭০ হাজাৰ ডোজ কোভিড ভেকচিন যোগান ধৰিছিল। মোডীৰ এনে পদক্ষেপৰ বাবে আজি ডমিনিকাই উদাৰ মনেৰে এই সন্মানক উপহাৰ হিচাপে প্ৰদান কৰিছে। মোডীক এই সন্মানেৰে বিভূষিত কৰি পৰম সন্তুষ্টি লাভ কৰা বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মত ব্যক্ত কৰে।
এই সন্মান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়- এই সন্মান কেৱল মোৰেই নহয়, এই সন্মান ১৪০ কোটি ভাৰতীয়ৰ সন্মান। এই সন্মানৰ প্ৰতি মই মোৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। ইয়াৰ জৰিয়তে ভাৰত আৰু এই দেশখনৰ সম্পৰ্ক অতি গাঢ় হ’ব(PM Modi Awarded Guyana’s Highest Honor, ‘The Order of Excellence’)।
লগতে পঢ়ক :Road Accident in Barpeta : নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা যাত্ৰীবাহী বাছৰ