Resounding Declaration of Hope : ৩৭০ নং অনুচ্ছেদ বাতিলৰ সমৰ্থনত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক, ১১ডিচেম্বৰ : সোমবাৰে উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে জম্মু-কাশ্মীৰ সন্দৰ্ভত ৰায়দান প্ৰদান কৰে । ৩৭০ অনুচ্ছেদ বাতিল আৰু পূৰ্বৰ ৰাজ্য জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা আবেদন সন্দৰ্ভত সোমবাৰে ৰায়দান প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে (Article 370 Verdict) ।
সোমবাৰে ৩৭০ অনুচ্ছেদ বাতিলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ( PM Modi hails SC verdict upholding abrogation of Article 370) ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সন্দৰ্ভ X ত কয়, এই ৰায়ে ২০১৯ চনৰ ৫ আগষ্টত সংসদৰ সিদ্ধান্তক সাংবিধানিকভাৱে সমৰ্থন কৰে । জম্মু, কাশ্মীৰ আৰু লাডাখৰ আমাৰ ভগ্নী-ভাইসকলৰ বাবে ই এক গুঞ্জৰিত আশা, প্ৰগতি আৰু ঐক্যৰ ঘোষণা । ন্যায়ালয়ে নিজৰ গভীৰ জ্ঞানেৰে ঐক্যৰ সেই মৰ্মকে শক্তিশালী কৰি তুলিছে যিটো আমি ভাৰতীয় হিচাপে সকলোতকৈ বেছি প্ৰিয় আৰু লালন-পালন কৰোঁ(Resounding declaration of hope) ।”
তেওঁ লগতে কয়, “মই জম্মু, কাশ্মীৰ আৰু লাডাখৰ ধৈৰ্যশীল জনসাধাৰণক আশ্বস্ত কৰিব বিচাৰো যে আপোনালোকৰ সপোন পূৰণৰ বাবে আমাৰ দায়বদ্ধতা অদম্য হৈয়ে আছে । আমি নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ যে প্ৰগতিৰ ফল কেৱল আপোনালোকৰ ওচৰলৈ যোৱাই নহয়, ৩৭০ নং অনুচ্ছেদৰ বাবে ক্ষতিগ্ৰস্ত হোৱা আমাৰ সমাজৰ অতি দুৰ্বল আৰু প্ৰান্তীয় শ্ৰেণীকো ইয়াৰ সুবিধা প্ৰদান কৰা(Resounding declaration of hope: PM Narendra Modi hails Supreme Court verdict upholding abrogation of Article 370) ।”
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “আজিৰ ৰায়দান কেৱল আইনী ৰায় নহয়; ই আশাৰ ৰেঙনি, উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি আৰু এক শক্তিশালী, অধিক সংযুক্ত ভাৰত গঢ়ি তোলাৰ আমাৰ সামূহিক সংকল্পৰ প্ৰমাণ ৷” উল্লেখ্য যে, ৩৭০ অনুচ্ছেদ বাতিল আৰু পূৰ্বৰ ৰাজ্য জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা আবেদন সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত অক্ষত ৰখাৰ লগতে ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাচতেই প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এই ৰায়ক আদৰণি জনায় ৷
লগতে পঢ়ক : Article 370 Verdict : জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ