PM Modi French President Macron express ‘grave concerns’ over expansion of conflict : লোহিত সাগৰ আৰু মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭জানুৱাৰী : লোহিত সাগৰ আৰু মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ ।
উল্লেখ্য যে, শুকুৰবাৰে নিশা জাৰি কৰা এক যৌথ বিবৃতিত দুয়োগৰাকী নেতাই লোহিত সাগৰত যাতায়তৰ স্বাধীনতা বজাই ৰখাৰ আহ্বান জনাই লগতে সাগৰৰ আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে(PM Modi French President Macron express ‘grave concerns’ over expansion of conflict) ।
শুকুৰবাৰে দুয়োগৰাকী নেতাই এক বিবৃতি যোগে কয় যে , “লোহিত সাগৰকে ধৰি অঞ্চলটোত হোৱা সংঘাত অধিক সম্প্ৰসাৰণৰ হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ৷ যাৰ ফলত ইতিমধ্যে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পৰিছে । ইফালে গাজাত ইজৰাইলৰ সামৰিক আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে নৱেম্বৰৰ পৰাই হুথি বিদ্ৰোহী গোট লোহিত জাহাজত আক্ৰমণ চলাই আহিছে (PM Modi, French President Macron express ‘grave concerns’ over expansion of conflict)।
বিবৃতিটোত মোদী আৰু মেক্ৰ’নে লোহিত সাগৰত যাতায়তৰ স্বাধীনতা বজাই ৰখা আৰু সাগৰৰ আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনোৱাৰ সৰ্বোচ্চ গুৰুত্বৰ কথা উল্লেখ কৰে । মোদী আৰু মেক্ৰনে’৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে হোৱা সন্ত্ৰাসবাদী আক্ৰমণক “তীব্ৰ গৰিহণা” দিয়াৰ লগতে ইজৰাইলৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰে বুলিও কোৱা হৈছে ।
ইফালে ইউক্ৰেইনৰ যুদ্ধ আৰু ইয়াৰ কৰুণ মানৱীয় পৰিণতিক লৈও মোডী আৰু মেক্ৰ’নে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ বিবৃতিটোত কোৱা হৈছে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ইউক্ৰেইনত এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দুয়োগৰাকী নেতাই বিশ্বব্যাপী বিপদৰ বিৰুদ্ধে উমৈহতীয়া যুঁজত একেলগে থিয় দিয়া সংকল্পৰ অংশীদাৰ ।
মোদী আৰু মেক্ৰ’নে আৰু এই কথাত একমত হয় যে সন্ত্ৰাসবাদী কাৰ্যক বিত্তীয় সাহায্য প্ৰদান কৰা, পৰিকল্পনা কৰা, সমৰ্থন কৰা বা সংঘটিত কৰাসকলক কোনো দেশেই নিৰাপদ আশ্ৰয় প্ৰদান কৰিব নালাগে । বিবৃতিটোত কোৱা হৈছে যে নেতাসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 1267 নিষেধাজ্ঞা সমিতিৰ তালিকাভুক্ত গোটৰ সৈতে জড়িত পদবী বা ব্যক্তিৰ জৰিয়তেও সকলো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একত্ৰিতভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।