Rozgar Mela 2023 : ৰোজগাৰ মেলাত ৭০ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ১৩ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থা মঙলবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুনকৈ নিযুক্তি পোৱা সকলক প্ৰায় ৭০ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ কৰে (PM Modi at Rozgar Mela) । দেশৰ ৪৩টা স্থানত অনুষ্ঠিত হয় ৰ’জগাৰ মেলা । এই পদক্ষেপৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ লগতে ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হয় (PM Modi Distributes Appointment Letters)
নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব বুলি প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ হিচাপে চিহ্নিত হৈছে ৰোজগাৰ মেলা। ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায়ক হিচাপে কাম কৰাৰ লগতে যুৱক-যুৱতীসকলক তেওঁলোকৰ সবলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰা হয় ।
অই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে , ৰাষ্ট্ৰীয় স্তৰত অনুষ্ঠিত হোৱা এই নিযুক্তি মেলা এন ডি এ আৰু বিজেপি চৰকাৰৰ এক নতুন পৰিচয় হৈ পৰিছে। আজি এবাৰ পুনৰ ৭০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে। মই আনন্দিত যে, বিজেপি শাসিত ৰাজ্যচৰকাৰ সমূহেও এইদৰে নিযুক্তি মেলা অনুষ্ঠিত কৰি আহিছে।
লগতে তেওঁ কয় যে , আজি ভাৰতত ব্যক্তিগত আৰু চৰকাৰী খণ্ডত ধাৰাবাহিক ভাৱে চাকৰিৰ এক সুযোগ সৃষ্টি হৈ আহিছে। বৃহত সংখ্যক তৰুণ প্ৰজন্মই স্বনিয়োজনৰ বাবেও আগবাঢ়ি আহিছে। মুদ্ৰা যোজনাৰ অধিনত বেংকে গেৰাণ্টি অবিহনেই কোটিৰ ঘৰত যুৱকক সহায় কৰিছে।
চৰকাৰৰ পৰা সহায় লাভ কৰা যুৱকে আজি আন বহু যুৱকক চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি তেওঁ কয় যে , আজি ভাৰত এটা দশকৰ পূৰ্বতকৈ স্থিৰ, বহু সুৰক্ষিত আৰু বহু শক্তিশালী দেশ হৈ পৰিছে।
ৰাজনৈতিক ভ্ৰষ্টাচাৰ, আঁচনিসমূহত খেলিমেলি আৰু জনতা জনাৰ্দনৰ ধনৰ অপব্যৱহাৰ পুৰণি চৰকাৰৰ পৰিচয় হৈ উঠিছিল। ভাৰত চৰকৰৰ পৰিচয় নিৰ্ণায়ক সিদ্ধান্তৰ দ্বাৰা হয়। ভাৰত চৰকাৰৰ পৰিচয় অৰ্থনৈতিক আৰু প্ৰগতিশীল সামাজিক সংস্কাৰৰ দ্বাৰা হয়।
উল্লেখ্য যে, নিয়োগ মেলাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিযুক্তি প্ৰদান কৰিছে । বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, সুৰক্ষা মন্ত্ৰণালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, গৃহ বিভাগকে ধৰি বহু কেইটা বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা বৰ্ষৰ ২২ অক্টোবৰত প্ৰায় ১০ লাখ নিযুক্তি দিয়াৰ এক অভিযান আৰম্ভ কৰিছিল। বৰ্তমানলৈকে কেইবাটাও পৰ্যায়ত নিযুক্তি মেলা সম্পন্ন হৈ গৈছে।
নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে আইজিঅ’টি কৰ্মযোগী পৰ্টেলৰ অনলাইন মডিউল কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তেও নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ লাভ কৰিছে, য’ত ‘যিকোনো ঠাইতে যিকোনো ডিভাইচ’ শিক্ষণ ফৰ্মেটৰ বাবে ৪০০ৰো অধিক ই-লাৰ্নিং পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে ।
লগতে পঢ়ক : Bike Taxi Banned : কিয় নিষিদ্ধ হ’ল ওলা, উবেৰ আৰু ৰেপিডো বাইক টেক্সি সেৱা?