PM Modi discusses defence, security cooperation with Italian counterpart Meloni on sidelines of G7 Summit : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলোনিৰ সৈতে এক দ্বিপাক্ষিক বৈঠক

নিউজ ডেস্ক,১৫জুন : শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ এপুলিয়াত জি-৭ সন্মিলনৰ সময়ত ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলোনিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰে(PM Modi discusses defence, security cooperation with Italian counterpart Meloni on sidelines of G7 Summit) ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক চৰকাৰী বিজ্ঞপ্তিত কয়- “দুয়োপক্ষই দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰে আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ আশা ব্যক্ত কৰে । তেওঁলোকে এই বছৰৰ শেষৰ ফালে ইটালীৰ বিমান বাহক আই টি এছ কাভৌৰ আৰু প্ৰশিক্ষণ জাহাজ আই টি এছ ভেস্পুচিৰ ভাৰতলৈ আগমনক আদৰণি জনায় ।”
তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীৰ অভিযানত ভাৰতীয় সেনাৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে ইটালী চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে – ভাৰতে ইটালীৰ মণ্টনত যশৱন্ত ঘাড়গে স্মাৰক উন্নীত কৰিব । প্ৰধানমন্ত্ৰী মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰীয়ে নিয়মীয়া উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আলোচনাত সন্তুষ্টিৰ কথা উল্লেখ কৰে আৰু ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।
“বৰ্ধিত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাত আনন্দ প্ৰকাশ কৰি তেওঁলোকে স্থিতিস্থাপক যোগান শৃংখলা স্থাপনৰ বাবে পৰিষ্কাৰ শক্তি, উৎপাদন, মহাকাশ, এছ এণ্ড টি, টেলিকম, এ আই আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায় । এই সন্দৰ্ভত তেওঁলোকে শেহতীয়াকৈ ঔদ্যোগিক সম্পত্তি অধিকাৰৰ (আই পি আৰ) ওপৰত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটোক আদৰণি জনায় । এই চুক্তিয়ে পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ ওপৰত সহযোগিতাৰ বাবে এক আন্তঃগাঁথনি প্ৰদান কৰিছে ।” বিদেশ মন্ত্ৰণালয়ৰ বিজ্ঞপ্তিটোত কোৱা হৈছে ।
ইফালে বৈঠকত দুয়োগৰাকী নেতাই শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাৰ অভিপ্ৰায়-পত্ৰ স্বাক্ষৰক আদৰণি জনায় । ই পৰিষ্কাৰ আৰু সেউজ শক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিব । ইয়াক ‘গ্লোবেল ইন্ধন এলায়েন্স’ৰ অধীনত গ্ৰহণ কৰা হৈছিল ।
“বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুটীয়া গৱেষণা আৰু বিকাশৰ বাবে ২০২৫-২৭ বৰ্ষৰ সহযোগিতাৰ নতুন কাৰ্যবাহী কাৰ্যসূচীত তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে ।” বিদেশ মন্ত্ৰণালয়ে লগতে কয় । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনিৰ আমন্ত্ৰণত ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে পিচত এক্সত লিখিছে, “ভাৰতক জি-৭ সন্মিলনৰ অংশ হ’বলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু সুন্দৰ আয়োজনৰ বাবে তেওঁক ধন্যবাদ জনাইছো ৷ আমি বাণিজ্য, শক্তি, প্ৰতিৰক্ষা, টেলিকম আদি ক্ষেত্ৰত ভাৰত-ইটালীৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিছো ৷ আমাৰ দেশে জৈৱ ইন্ধন, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ দৰে ভৱিষ্যতৰ ক্ষেত্ৰত একেলগে কাম কৰিব ।” তেওঁ লগতে কয় ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মেলোনীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাত মোদীক অভিনন্দন জনাইছিল । জি-৭ সন্মিলনখন ১৩-১৫ জুনলৈ ইটালীৰ আপুলিয়া অঞ্চলত অনুষ্ঠিত হৈছে । ইয়াত ভাৰতক ‘অতিথি দেশ’ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । এই সন্মিলনত সাতখন সদস্য দেশ আমেৰিকা, কানাডা, জাৰ্মানী, ইটালী, জাপান আৰু ফ্ৰান্সৰ লগতে ইউৰোপীয় ইউনিয়নে অংশগ্ৰহণ কৰিছে ।
লগতে পঢ়ক : One Deid in wild elephant Attack : জাগীৰোডত বন্যহস্তীৰ আক্ৰমণত নিহত এজন