Local, Vocal, Global

PM Modi Departs Italy After ‘Very Productive’ G7 Summit : ইটালী ভ্ৰমণ সামৰি ভাৰতলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,১৫জুন : ইটালী ভ্ৰমণ সামৰি ভাৰতলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। G7 শিখৰ সন্মিলনত অংশ লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। বিশ্বৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতেও দ্বিপাক্ষিক বৈঠক।এই বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰে(PM Modi Departs Italy After ‘Very Productive’ G7 Summit)।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ বিষয়ে আলোচনা কৰি প্ৰতিৰক্ষা উদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ আশা প্ৰকাশ কৰে। তেওঁ চলিত বৰ্ষৰ শেষৰ ফালে ইটালীৰ বিমানবাহী জাহাজ আই টি এছ কেভ’ৰ আৰু প্ৰশিক্ষণ জাহাজ আই টি এছ ভেছপুচিৰ ভাৰত ভ্ৰমণক আদৰণি জনায়।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীৰ অভিযানত ভাৰতীয় সেনাৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে ইটালী চৰকাৰক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰী মোদীৰ ইটালী ভ্ৰমণ সামৰি ভাৰতলৈ ৰাওনা হয়(PM Modi Departs Italy After ‘Very Productive’ G7 Summit)।

লগতে পঢ়ক : IIT Kharagpur Student Faizan Ahmed ‘Stabbed and Shot’ Before Death : ফাইজান আহমেদ কাণ্ডৰ নতুন মুৰ;হত্যা কৰা হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদক