Local, Vocal, Global

PM Modi Congratulates Sheikh Hasina on Election Victory in Bangladesh : শ্বেখ হাছিনাক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : অভিলেখ গঢ়িলে শ্বেখ হাছিনাই। পঞ্চমবাৰলৈ প্ৰধানমন্ত্ৰী পদত শ্বেখ হাছিনা। সৰ্বাধিক সময় কাৰ্যনিৰ্বাহ কৰা পৃথিৱীৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

দেওবাৰে বাংলাদেশত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন আৰু এই নিৰ্বাচনত জয়লাভ কৰি পঞ্চমবাৰৰ প্ৰধানমন্ত্ৰী পদত বাবে নিৰ্বাচিত হয় শ্বেখ হাছিনা(PM Modi Congratulates Sheikh Hasina on Election Victory in Bangladesh) ৷

শ্বেখ হাছিনাৰ এই জয়ৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে আৰু দেশখনৰ জনসাধাৰণক এক সফল নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷

ইফালে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে প্ৰধানমন্ত্ৰী মোদীয়ে লিখে , “প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সংসদীয় নিৰ্বাচনত একেৰাহে পঞ্চমবাৰৰ বাবে ঐতিহাসিকভাৱে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। নিৰ্বাচন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে মই বাংলাদেশৰ জনসাধাৰণকো অভিনন্দন জনাইছো।”লগতে বাংলাদেশৰ সৈতে অংশীদাৰীত্ব অধিক শক্তিশালী কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ(PM Modi congratulates Sheikh Hasina on poll win) ।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বাংলাদেশৰ সৈতে আমাৰ স্থায়ী আৰু জনকেন্দ্ৰিক অংশীদাৰীত্ব অধিক শক্তিশালী কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ৷”

আনহাতে শ্বেখ হাছিনাই ঢাকাত থকা তেওঁৰ বাসগৃহ গণভৱনত এক সংবাদমেল সম্বোধন কৰে আৰু কয়, “ভাৰত বাংলাদেশ বন্ধু। তেওঁলোকে ১৯৭১আৰু ১৯৭৫ চনত আমাক সমৰ্থন কৰিছিল । আমি ভাৰতক আমাৰ ওচৰৰ চুবুৰীয়া ৰাষ্ট্ৰ বুলি গণ্য কৰোঁ । ভাৰতৰ সৈতে আমাৰ এক সুন্দৰ সম্পৰ্ক আছে(PM Modi dials Bangladesh PM Sheikh Hasina)।”

লগতে শ্বেখ হাছিনাই কয় যে, “অহা ৫ বছৰত আমাৰ মুখ্য লক্ষ্য হ’ব অৰ্থনৈতিক প্ৰগতি আৰু আমি আৰম্ভ কৰা সকলো কাম পূৰণ কৰা । আমি ইতিমধ্যে আমাৰ ইস্তাহাৰ ঘোষণা কৰিছো, আৰু যেতিয়াই আমি আমাৰ বাজেট প্ৰস্তুত কৰোঁ আৰু আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰোঁ ৷ তেতিয়াই আমি আমাৰ নিৰ্বাচনী ইস্তাহাৰ অনুসৰণ কৰোঁ। জনসাধাৰণ আৰু আমাৰ দেশৰ উন্নয়ন আমাৰ মুখ্য লক্ষ্য,”।

লগতে পঢ়ক : Ex Maldives Minister Praises ‘Age-Old Ties’ With India : ‘‘প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য মালদ্বীপ চৰকাৰৰ অদূৰদৰ্শিতা প্ৰদৰ্শন – মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী