PM Modi condemns terrorist attack at Moscow concert hall : মস্কোৰ কনচাৰ্ট হলত সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ২৩মাৰ্চ : ৰাছিয়াৰ ৰাজধানী মস্কোত শুকুৰবাৰে সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা । ৰাছিয়াৰ ৰাজধানী মস্কোৰ কনচাৰ্ট হলত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ ৫ জন মাৰণাস্ত্ৰধাৰীয়ে সাধাৰণ জনতাৰ ওপৰত অতৰ্কিতে গুলীচালনাৰ ফলত ৬০জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় ১৪৫জনৰো অধিৰ লোক(PM Modi condemns terror attack near Moscow )।
সন্ত্ৰাসবাদী আক্ৰমণৰ এই ভয়কৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীব্ৰ গৰিহণা দিয়ে । লগতে এই দুখৰ সময়ত ৰাছিয়া চৰকাৰ আৰু ইয়াৰ নাগৰিকসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰে(PM Modi condemns terrorist attack at Moscow concert hall)।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এক পোষ্টৰ জড়িয়তে লিখে ,”মস্কোত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত আমি তীব্ৰ গৰিহণা দিছো । ভুক্তভোগীসকলৰ পৰিয়াললৈ আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা”।
উল্লেখ্য যে,ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াত নিজৰ শাসন ক্ষমতাত পুনৰ অধিষ্ঠিত হোৱাৰ মাত্ৰ কেইদিনমান পিচতে এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।
ইতিমধ্য়ে শুকুৰবাৰে টেলিগ্ৰামত প্ৰকাশিত আইএছআইএছৰ সৈতে জড়িত সংবাদ সংস্থা আমাকে পোষ্ট কৰা এক বিবৃতিত ইছলামিক ষ্টেট গোটে এই ভয়ংকৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ।