Local, Vocal, Global

PM Modi arrives in Brazil for G20 Summit: সোমবাৰে দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,১৮নৱেম্বৰ : নাইজেৰিয়াৰ ‘উৎপাদনশীল’ ভ্ৰমণৰ সামৰণি মাৰি সোমবাৰে দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ব্ৰাজিলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে । তথ্য মতে, ব্ৰাজিলত তেওঁ জি-২০ শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব(PM Narendra Modi arrives in Brazil to attend G20 Summit)।

ব্ৰাজিলত মোদীৰ আগমনৰ কথা ঘোষণা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে X ত বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা কেবাখনো ছবি পোষ্টত কৰি লিখে , “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ ব্ৰাজিল শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলৰ স্পন্দনশীল চহৰ ৰূপে খ্যাত ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হয় ।”

ইফালে প্ৰধানমন্ত্ৰী মোদীয়েও নিজৰ অফিচিয়েল X হেণ্ডেলত এটা পোষ্টত কয়, “জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অৱতৰণ কৰিলো। মই শীৰ্ষ সন্মিলনৰ আলোচনা আৰু বিভিন্ন বিশ্ব নেতাৰ সৈতে ফলপ্ৰসূ আলোচনাৰ বাবে আগ্ৰহী ।” ব্ৰাজিলত তেওঁ ট্ৰয়কাৰ সদস্য হিচাপে ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব । ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰত জি-২০ ট্ৰইকাৰ ইয়াৰ অংশ(PM Modi arrives in Brazil for G20 Summit)।

মোদীৰ সমান্তৰালকৈ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু তেওঁৰ আমেৰিকাৰ সমকক্ষ জ’ বাইডেনো ১৮-১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰিঅ’ ডি জেনেইৰ’ শীৰ্ষ সন্মিলনখনত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :IPS Partha Sarathi Mahanta Designated as Honourary Fellow: IPS বিষয়া ড০ পাৰ্থসাৰথি মহন্তলৈ আই আই টিৰ ‘চেপ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’ৰ সন্মানীয় ফেল’ সন্মান