Local, Vocal, Global

WATCH | PM Awas Yojana: ৰাজ্যত চৰকাৰী গৃহৰ আবণ্টনৰ জিঅ টেগিঙৰ নামত চলিছে কি?‌

বকো,২২জুন : বকোৰ নিজ বেকেলীত চৰকাৰী গৃহৰ জিঅ টেগিঙৰ নামত বিসংগতিৰ ঘটনা ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৰ্থিকভাৱে স্বচ্ছল লোকৰ ঘৰতহে ছাৰ্ভে কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

দৰিদ্ৰ অথবা যোগ্য হিতাধিকাৰীক বঞ্চনা কৰি একাংশ লোকৰ ঘৰে ঘৰে গৈহে CRP ছাৰ্ভে কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে এইসকল মহিলাই ।

ৰাজ্যত চৰকাৰী গৃহৰ আবণ্টনৰ জিঅ টেগিঙৰ নামত চলিছে কি?‌

যোগ্য হিতাধিকাৰীয়ে লাভ কৰিছে নে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ(PM Awas Yojana)।

ধোঁৱাচাঙত উঠিছে নেকি মুখ্যমন্ত্ৰীৰ স্বচ্ছ, নিকা পৰিৱৰ্তনৰ শ্লোগান।

হয় নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ বকোৰ নিজ বেকেলীত পোহৰলৈ আহিছে চৰকাৰী গৃহৰ জিঅ টেগিঙৰ নামত বিসংগতিৰ ঘটনা। ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত শেহতীয়াকৈ পোহৰলৈ আহিছে এনে ঘটনা। চৰকাৰী ঘৰৰ জিঅ টেগিঙৰ নামত চলা বিসংগতিৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিল এইসকল মহিলা।

ইফালে এইসকল মহিলাৰ প্ৰশ্ন, কেৱল ধোনী লোকেহে লাভ কৰে নেকি চৰকাৰী গৃহৰ সুবিধা। অন্যহাতে নিশাৰ অন্ধকাৰত গোপনে ছাৰ্ভে কৰিব যোৱাৰো অভিযোগ। চৰকাৰী গৃহৰ নামত হোৱা ঘটনাক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এইসকল মহিলাৰ।

লগতে পঢ়ক : WATCH | Cachar News : কাছাৰৰ সিন্দুৰাত কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ