Local, Vocal, Global

Water supply pipe burst : গুৱাহাটী নূনমাটিত পাইপ ফুটি জলবিস্ফোৰণ

গুৱাহাটী, ২০ জুন : গুৱাহাটীৰ নুনমাটিত অঘটন । আন এক পানীৰ পাইপ ফাটি যোৱাৰ খবৰ মহানগৰীত (Water supply pipe burst) । মঙলবাৰে গুৱাহাটীত নূনমাটি অঞ্চলত পানীৰ পাইপলাইন বিস্ফোৰণৰ আন এক ঘটনা সংঘটিত হয় । ৰাজপথৰ কাষতেই পাইপ ফুটি জলবিস্ফোৰণৰ ঘটনা (Water supply pipe burst)। গুৱাহাটী শোধানাগাৰৰ হাস্পতালৰ সমীপত এই ঘটনা সংঘটিত হৈছে । পানীৰ পাইপ ফুটাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ব্যাহত হৈছে যাতায়ত ব্যৱস্থা (water pipeline burst in Guwahati)।

পাইপ ফুটাৰ কিছু সময়ৰ পিছত বন্ধ কৰি দিয়া হয় পানী যোগান । ঘটনাৰ কিছু সময় পিছতেই কামৰূপ (মহানগৰ) প্ৰশাসনে এই কথা স্পষ্ট কৰে যে নুনমাটিত জল ব’ৰ্ডৰ কোনো পানীৰ পাইপ ফটা নাই ৷ এয়া নুনমাটি শোধানাগাৰৰ নিজা পানীযোগান পাইপলাইন ৷ নুনমাটি শোধানাগাৰৰ নিজা পানীযোগান পাইপ লাইন সামান্য ফাটিছিল যদিও সেয়া লগে লগে মেৰামতি কৰা হৈছে ৷ এই ঘটনাত কোনো ক্ষয়- ক্ষতি হোৱা নাই ৷

এই সন্দৰ্ভত গুৱাহাটী জল ব’ৰ্ডে টুইটা যোগে প্ৰকাশ কৰে যে , “ৰেফাৰেন্স নুনমাটিত পানীৰ পাইপলাইন ফাটিল: ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে স্পষ্ট কৰি দিয়া হৈছে যে প্ৰশ্ন কৰা পাইপলাইনটো গুৱাহাটী জল ব’ৰ্ডৰ নহয়। জানিব পৰা মতে পাইপলাইনটো আই অ’ চি এলৰ (Guwahati Jal Board)। সেই অনুসৰি সংশ্লিষ্ট অংশীদাৰসকলেও একেখিনি কথা লক্ষ্য কৰিব পাৰে । ধন্যবাদ “

গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটি জলবিস্ফোৰণ সংঘটিত হোৱাৰ এইটো চতুৰ্থটো ঘটনা ৷ ইয়াৰ পূৰ্বে খাৰঘূলি, মালিগাঁও, কমাৰ্চ পইন্টত পানীৰ পাইপ ফুটি সংঘটিত হৈছিল জলবিস্ফোৰণ ৷ খাৰঘূলিত জাইকাৰ পানী পাইপ ফুটি হোৱা জলবিস্ফোৰণত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল ৷ ইতিমধ্য়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰিছে গুৱাহাটী উন্নয়ন দপ্তৰে ৷

কিছুদিন পূৰ্বে কমাৰ্চ পইন্টত জল বৰ্ডৰ পাইপ ফুটি জু ৰোডত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । স্থানীয় লোকৰ ভাষ্য অনুসৰি ডাঙৰ শব্দ হৈ পাইপ ফাটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। বিভিন্ন গাড়ী, মটৰৰ লগতে অঞ্চলটোত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত বিস্তৰ ক্ষতি সাধন হয় । অৱশ্যে সেই জলবিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই ।

লগতে পঢ়ক : Guwahati Commerce College admission requirements : নামভৰ্তিৰ সময়ত বাধ্যতামূলক নামঘোষা ক্ৰয়