Local, Vocal, Global

WATCH | Pijush Hazarika: হাতীমূৰা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুয হাজৰিকাৰ

কলিয়াবৰ,২০মে’ : হাতীমূৰা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুয হাজৰিকাৰ। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কলিয়াবৰৰ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ কামৰ বুজ লয়(Pijush Hazarika)।

২০১৭ চনৰ আগষ্ট মাহৰ লগতে ২০২৪ বৰ্ষৰ জুলাই মাহত হাতীমূৰা মথাউৰি চিঙি কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ ভগ্ন মথাউৰি জলসম্পদ বিভাগে পুনৰ নিৰ্মাণ কৰা অংশ পৰিদৰ্শন কৰে মন্ত্ৰী পীযুয হাজৰিকাই। মন্ত্ৰী পীযুয হাজৰিকাই হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰাৰ সময়ত সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । কলং খননৰ কামো শীঘ্ৰে আৰম্ভ হ’ব বুলিও মন্ত্ৰী পীযুয হাজৰিকাই জানিব দিয়ে।

লগতে পঢ়ক : WATCH | Nalbari News : নলবাৰীৰ বৰক্ষেত্ৰীৰ কৃষকৰ কান্দোন পথাৰত