প্ৰথমে প্ৰেম ! তাৰ পিছত বিবাহৰ প্ৰলোভন আৰু তাৰ পাছত অশ্লীল ফটো ভাইৰেল

জামুগুৰিহাট; ৩১ডিচেম্বৰ : প্ৰথমে প্ৰেম ! তাৰ পিছত বিবাহৰ প্ৰলোভন আৰু তাৰ পাছত অশ্লীল ফটো ভাইৰেল । পৰৱৰ্তী সময়ত বলপূৰ্বকভাৱে যুৱতীৰ শিৰত সেন্দুৰ আৰু বিলাসী হোটেলত সহবাস কৰি অসংযত অৱস্থাৰ ফটো সংগ্ৰহ কৰি সামাজিক মাধ্যমত ফটো ভাইৰেল ৷ এই ঘটনাই সংঘটিত হৈছে জামুগুৰিহাটত৷
অভিযোগ অনুসৰি, জামুগুৰিহাটৰ পাচিগাঁৱৰ এগৰাকী যুৱতীৰ লগত সামাজিক মাধ্যমৰ জৰিয়তে চিনাকী হৈছিল এইগৰাকী গুৱাহাটীৰ আজাৰৰ যুৱক বিশ্বজিত দাস ৷ চিনাকী হোৱাৰ পিছতেই ক্ৰমাৎ যুৱতীগৰাকীৰ ঘৰলৈ অহা যোৱা কৰি এইগৰাকী বিশ্বজিত দাসে বিবাহৰ প্ৰস্তাৱ দিয়ে যুৱতীগৰাকীক আৰু পৰৱৰ্তী সময়ত কথা মতেই পৰিয়ালৰ লোকক যুৱতীগৰাকীৰ ঘৰলৈ পঠিয়াইও দিয়ে৷
তাৰ পিছতেই বায়ু সেনা বাহিনীত চাকৰি কৰা বুলি পৰিচয় দিয়া এইগৰাকী যুৱকে যুৱতীগৰাকীক ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত শিৰত সেন্দুৰ দি পিছত নিজ গৃহৰ কোনো লোকৰ অসুস্থতাৰ খৱৰ লবলৈ বুলি গুৱাহাটীলৈ লগত লৈ গৈ গুৱাহাটীৰে বিলাসী হোটেলত নৈশ যাপন কৰি দুয়োৰে অসংযত অৱস্থাৰ ফটো তুলি সেই ফটো সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ আৰম্ভ কৰে ৷ চতুৰ প্ৰৱঞ্চক এইটো বিশ্বজিত দাসে যুৱতীগৰাকীৰ ইনষ্টাগ্ৰাম একাউন্ট হেক কৰি ফটোসমুহ ভাইৰেল কৰাৰ উপৰিও যুৱতীগৰাকীৰ মাতৃৰ ফেচবুক একাউন্টো হেক কৰি এই কু-কৰ্ম বোৰ কৰিবলৈ আৰম্ভ কৰিছিল(Photo of Young Womans Intimate Moment With Boyfriend Goes Viral)৷
ইফালে প্ৰবঞ্চক বিশ্বজিত দাসৰ এই কু কাণ্ডৰ বিষয়ে জানিব পাৰি বিশ্বাসৰে আকোৱালি লোৱা যুৱতীগৰাকী হতভম্ব হৈ পৰি আত্মহত্যাৰ টোকা লিখি আত্মহনন কৰাৰ চেষ্টা কৰে যদিও কোনোমতেহে পৰিয়ালৰ লোকৰ প্ৰচেষ্টাত প্ৰাণ ৰক্ষা পৰে ৷
আনহাতে প্ৰৱঞ্চক বিশ্বজিতে কৰা এই কু-কাণ্ড সমুহৰ বিষয়ে জানিবলৈ যুৱতীগৰাকীয়ে যোগাযোগ কৰাত ওলোতাই যুৱতীগৰাকীৰ লগতে পৰিয়ালটিক ভয় ভাবুকি দিয়াৰহে অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে৷
প্ৰেম,বিবাহ আৰু অন্যান্য কথাৰ প্ৰলোভনৰে শ্লীলতা হানি কৰি সামাজিক মাধ্যমত ফটো ভাইৰেল কৰি যুৱতীগৰাকীক জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা প্ৰৱঞ্চক এইটো বিশ্বজিত দাসে যুৱতী গৰাকীৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড আদি জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰৱঞ্চকটোৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে ইতিমধ্যে জামুগুৰি আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে(Photo of Young Womans Intimate Moment With Boyfriend Goes Viral) ৷
এতিয়া প্ৰশ্ন হয় প্ৰেমৰ চলনাৰে সহজ সৰল এগৰাকী যুৱতীৰ শ্লীলতা হানি কৰি প্ৰতাৰণা কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰা আৰু প্ৰতাৰণা সহ্য কৰিব নোৱাৰি এগৰাকী যুৱতীয়ে আত্মহননৰ দৰে পথ বাচি ল’বলৈ সিদ্ধান্ত লোৱা এইগৰাকী প্ৰৱঞ্চক বিশ্বজিত দাসৰ বিৰুদ্ধে জামুগুৰিহাট আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : Cattle Smuggling : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ