Local, Vocal, Global

Petrol price hike: শাৰদীয় বতৰত জনতাৰ মূৰত ৰামটাঙোন; ৰাজ্যত বাঢ়িল পেট্ৰ’লৰ দাম

নিউজ ডেস্ক,১৪অক্টোবৰ : শাৰদীয় বতৰত ৰাইজক মাধমাৰ দিবলৈ সাজু শাসনাধিষ্ঠ চৰকাৰ। জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ। জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ইতিমধ্যে কোঙা কৰিছে সাধাৰণ জনতাক।তাৰ মাজতে বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য(Petrol price hike)।

প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ১.০১ টকাকৈ।গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৯৮.১৫ টকা।ৰাজ্যিক কৰ বৃদ্ধি কৰাৰ বাবে বৃদ্ধি পালে পেট্ৰ’লৰ দাম।যোৱা ছমাহত তিনিবাৰকৈ বৃদ্ধি পেট্ৰ’লৰ দাম।

লগতে পঢ়ক :Gauhati Medical College Hospital :গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নাভূত-নাশ্ৰুত ঘটনা