Local, Vocal, Global

আজিৰে পৰা পুনৰ দেশত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

নিউজ ডেস্ক, ২২ মাৰ্চঃ দেশৰ জনতাক মাধমাৰ সুধি পুনৰ দেশত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্যই। আজিৰ পৰা ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে দেশৰ চৰকাৰী অইলৰ কোম্পানীসমূহে।

চৰকাৰী তেল কোম্পানীসমূহে আজি লক্ষ্ণৌ, জয়পুৰ, গুৱাহাটী, গুৰুগ্ৰাম, পাটনা আদিৰ লগতে দেশৰ ৰাজধানীতো তেলৰ দামৰ সালসলনি ঘটাইছে। নতুন দাম জাৰি হোৱাৰ পিছত মুম্বাইত পেট্ৰ’ল ১১০.৮২ টকা প্ৰতিলিটাৰ হৈছে।

দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৬.২১ টকা আৰু ডিজেলৰ দাম ৮৭.৪৭ টকা প্ৰতিলিটাৰত। চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.১৬ টকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ দাম ৯২.১৯ টকা। কলকাতাত পেট্ৰ’লৰ দাম ১০৫.৫১ টকা আৰু ডিজেলৰ দাম ৯০.৬২ টকা ।গুৱাহাটীত পেট্ৰ’ল ৯৫.৫১ টকা আৰু ডিজেল ৮২.০২ টকা প্ৰতিলিটাৰত।

উল্লেখ্য যে, এছ এম এছৰ জৰিয়তে নিজ নিজ ঠাইৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব। ইয়াৰ বাবে ইণ্ডিয়ান অইলে RPS কোড লিখি ৯২২ ৪৯৯ ২২৪৯ নম্বৰলৈ এছএমএছ পঠিয়াই পেট্ৰ’ল ডিজেলৰ মূল্য সম্পৰ্কে জানিবলৈ এই নম্বৰ মুকলি কৰে।