People of Sootea experiencing erosion from Brahmaputra river : চতিয়াৰ দক্ষিণ অঞ্চলত ভয়ংকৰ গৰাখহনীয়া
চতিয়া, ৮মে’ : চতিয়াৰ দক্ষিণ অঞ্চলত ভয়ংকৰ গৰাখহনীয়া । ব্ৰহ্মপুত্ৰ বুকুত চপৰা চপৰে জাহ গৈছে নৈপৰীয়াৰ মাটি ।
চতিয়াৰ দক্ষিণ অঞ্চলৰ শিঙিমাৰি আৰু শ’লমাৰী ৰাজহ গাঁৱত গৰাখহনীয়াই তীব্ৰ কাল ৰূপ ধাৰণ কৰি নিদ্ৰা হৰিছে নৈ পৰীয়া ৰাইজৰ। চৰকাৰে ধাকঢোল বজাই বিশ্বনাথ ঘাট-পাণপুৰ মথাউৰিৰ ওপৰেৰে নিৰ্মাণ কৰা চুপাৰ হাইৱেলৈ অশনি সংকেত নমাই আনিছে তীব্ৰ গৰাখহনীয়াই।
ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা মাত্ৰ ২৫ মিটাৰ মান দূৰত্ব হৈছে বিশ্বনাথ ঘাট-পানপুৰ মথাউৰিৰ মাজত। অঞ্চলটোৰ প্ৰায় ১৫ খনৰো অধিক ৰাজহ গাওঁ ইতিমধ্যে বিগত বৰ্ষ সমূহত ব্ৰহ্মপুত্ৰ নদীয়ে গ্ৰাস কৰাৰ পিছত বহুতো পৰিয়াল বৰ্তমান গৃহহীন হৈ পৰিল, যি অবশিষ্ট ভূমি আছিল সেয়াও ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীয়ে গ্ৰাস কৰি আহিছে। অঞ্চলটোৰ ৰাইজৰ অভিযোগ বিভাগীয় কতৃপক্ষৰ চুড়ান্ত দায়িত্বহিনতাৰ বাবেই অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে গৰাখহনীয়াৰ কালৰূপ(People of Sootea experiencing erosion from Brahmaputra river)।
বৰ্তমান খহনীয়াই কালৰূপ ধাৰণ কৰা শিঙিমাৰি আৰু শ’লমাৰি অঞ্চলৰ এক হাজাৰৰো অধিক মিটাৰ গৰাখহনীয়া ৰুধিবলৈ জল সম্পদ বিভাগে মাত্ৰ ২০০ মেগা বেগ প্ৰেৰণ কৰিছে য’ত প্ৰয়োজন হৈ আছে ছয় হাজাৰৰো অধিক মেগা বেগৰ।
ৰাইজৰ অভিযোগ, শুই বহি সময় কটোৱা জল সম্পদ বিভাগৰ বিশ্বনাথ সংমণ্ডলৰ অভিযন্তা বিষয়া কৰ্মচাৰীয়ে যেতিয়া গৰাখহনীয়া আৰাম্ভ হ’ব ধৰে সেই সময়ত হাত সাৱতি শুই বহী থাকে আৰু গৰাখহনীয়াৰ তীব্ৰ ৰূপ ধাৰণ কৰাৰ পিছতহে গুৰুত্ব প্ৰদান কৰে বিশ্বনাথৰ জল সম্পদ সংমণ্ডলে। বিশ্বনাথ ঘাট-পানপুৰ মথাউৰিৰ কুমলীয়া অঞ্চলত গৰাখহনীয়া ৰূধিবলৈ চৰাকাৰে ২৫ কোটি টকা ধাৰ্য কৰি ঠিকাদাৰে কাম আৰম্ভ কৰিছে যদিও বিভাগৰ দায়িত্বহিনতাৰ বাবেই নিম্ন মানৰ কাম কৰি ঠিকাদাৰে অধিক মুনাফা লুটাৰ কৌশল প্ৰয়োগ কৰিছে বুলি অভিযোগ উত্থাপান কৰিছে নৈ পৰীয়া ৰাইজে(People of Sootea experiencing erosion from Brahmaputra river)।
লগতে পঢ়ক : Merapani police arrest a bike thief : বাইক চুৰিত জড়িতৰ অভিযোগত আটক নাগালেণ্ড আৰক্ষীৰ এজনক