Special Parliament session : ১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন,পাঁচদিনীকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন
নেশ্যনেল ডেস্ক, ১৬ছেপ্টেম্বৰ : ১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন(Special Parliament session) ৷ বিশেষ অধিৱেশনক লৈ প্ৰস্তুতি চৰকাৰৰ ৷ ১৮ ছেপ্তেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে নৱনিৰ্মিত ভৱনত সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হ’ব। ১৮ ছেপ্টেম্বৰত অৰ্থাৎ প্ৰথম দিনাই “সম্বিধান সভাৰ পৰা আৰম্ভ কৰি ৭৫ বছৰীয়া সংসদীয় যাত্ৰা, কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ” শীৰ্ষক আলোচনা অনুষ্ঠিত হ’ব। চৰকাৰে স্পষ্ট কৰিছে যে বিশেষ অধিৱেশনৰ কাৰ্যসূচীত স্বাধীনতাৰ ৭৫ বছৰৰ যাত্ৰাৰ বিষয়ে আলোচনা কৰাৰ লগতে চাৰিখন গুৰুত্বপূৰ্ণ বিধেয়ক অন্তৰ্ভুক্ত আছে(Special Parliament session to be held in old and new building from Sep 18-22) ।
মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তিৰ সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, দ্য এডভোকেটছ (সংশোধনী) বিল; 2023, দ্য প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পেৰিঅ’ডিকেলছ বিল; 2023, অফিচ বিল; 2023 আৰু দ্য পোষ্ট আদি বিধেয়ক তালিকাভুক্ত কৰা হৈছে বিশেষ অধিৱেশনৰ বাবে । আনহাতে তিনিখন বিধেয়কো আলোচনাৰ পিছত গৃহীত কৰিবলৈ সদনৰ মজিয়াত উত্থাপন হ’ব। ইয়াৰে এখন বিধেয়ক মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসমূহৰ নিযুক্তি সম্বন্ধীয়(Centre releases agenda for Special Session of Parliament)।
একে সময়তে, সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে চৰকাৰে যোৱা তিনিদিন নতুন আৰু পুৰণি দুয়োটা সংসদ ভৱনত কাম-কাজত নিয়োজিত হৈ আছে ৷ ইতিমধ্যে বিশেষ অধিৱেশনৰ বাবে পুৰণি ভৱনটোত সকলো ব্যৱস্থা চলি আছে ৷ এইবাৰ বিশেষ অধিৱেশনৰ প্ৰথম দিনাই অৰ্থাৎ ১৮ ছেপ্টেম্বৰত ফটো চেচন অনুষ্ঠিত হ’ব ৷ সেয়েহে ইয়াক লৈয়ো বিশেষ প্ৰস্তুতি কৰা হৈছে ।
উল্লেখ্য যে নতুন সংসদ ভৱনত প্ৰথমবাৰৰ বাবে অধিৱেশন অনুষ্ঠিত হ’ব ৷ নতুন সংসদ ভৱনত যাতে কোনো সাংসদ অসুবিধাত নপৰে তাৰ বাবে সকলো মন্ত্ৰী আৰু সাংসদৰ বহাৰ ব্যৱস্থা, আসন, মাইক আদি সকলো কাৰিকৰী ব্যৱস্থা বিশেষভাৱে পৰীক্ষা কৰা হৈছে । সংসদ ভৱনৰ আসনত সাংসদসকলৰ পৰিৱৰ্তে, কৰ্মচাৰীসকলে এখন সভা অনুষ্ঠিত কৰে আৰু প্ৰতিটো সুবিধা পৰীক্ষা কৰে ।
১৮ ৰ পৰা ২২ ছেপ্টেম্বৰলৈ ৫ দিনীয়া কাৰ্যসূচীৰে সংসদৰ এই বিশেষ অধিৱেশনৰ অন্তিম তিনি দিনতহে সদনত যিকোনো ধৰণৰ বিধেয়ক উপস্থাপন কৰিব । বিজেপিয়ে ইতিমধ্যে জাৰি কৰিছে সকলো সাংসদক থ্ৰি লাইন হুইপ ৷ তেওঁলোকক বাধ্যতামূলকভাৱে সদনত উপস্থিত থাকিবলৈ আৰু চৰকাৰৰ স্থিতিক সমৰ্থন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । একে সময়তে, চৰকাৰে সকলো মন্ত্ৰীক বিশেষ সংসদ অধিৱেশনৰ সময়ত সদনত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।