Local, Vocal, Global

দলগাঁৱত শান্তি শোভাযাত্ৰা, ৰাজ্যত হজৰত মহম্মদৰ জন্মদিন পালন

নিউজ ডেস্ক: আজি ঈদ-এ-মিলাদ-উন-নবী। প্ৰতি বছৰে দৰে এই বছৰো হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ইছলামধৰ্মীয়ে ৰাজ্যজুৰি ঈদ-এ-মিলাদ-উন-নবী পালন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দলগাঁৱৰ বিভিন্ন ঠাইত পালন কৰে ঈদ-এ-মিলাদ-উন-নবী দিৱস। দলগাঁৱৰ‌ বুঢ়ীগাঁৱৰ সদৌ অসম দাৰুল উলুম আহলে ছুন্নত ছায়েদীয়া মাদ্ৰাছাৰ শিক্ষক আৰু ছাত্ৰসকলে উলহ মালহৰে ঈদ-এ-মিলাদ-উন-নবীৰ দিৱস হিচাপে পালন কৰা দেখা যায়। মাদ্ৰাছাখনৰ শিক্ষক আৰু ছাত্ৰসকলে ঈদ-এ-মিলাদ-উন-নবী দিৱস উপলক্ষে এক শান্তি শোভাযাত্ৰা উলিয়াই। মাদ্ৰাছা খনৰ পৰা শিক্ষক আৰু ছাত্ৰ সকলে দলগাঁৱৰ বিভিন্ন ঠাইত আদিত এই শোভাযাত্ৰা কৰে। শোভাযাত্ৰাৰ শেষত ধৰ্মীয় নীতি নিয়ম সমূহ পালন কৰি বিশ্বৰ শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে।