Local, Vocal, Global

পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত ভ্ৰাম্যমাণৰ দিন উদযাপন

ৰঞ্জিত দাস, বজালীঃ আজি অসম গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিষ্ঠাৰ দিন। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালাত পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত উদযাপন কৰা হয় ‘ভ্ৰাম্যমাণৰ দিন’। ১৯৬৩ চনৰ ২ অক্টোবৰ মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিছিল।

পাঠশালাৰ আজাদ ভৱনত অনুষ্ঠিত কাৰ্যসূচীত অচ্যুত লহকৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ভ্ৰাম্যমাণ থিয়েটাৰৰ গৌৰৱময় যাত্ৰা সন্দৰ্ভত সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে অচ্যুত লহকৰৰ মহান কৰ্মৰাজিৰ ওপৰত এখন ছুটি ছবি প্ৰদৰ্শন কৰা হয়৷

ভ্ৰাম্যমাণৰ দিন উদযাপনত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰীগৰাকীয়ে ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অচ্যুত লহকৰৰ কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কাৰ্যসূচী আগন্তুক দিনত কেৱল পাঠশালাতে আবদ্ধ নাৰাখি অসমৰ বিভিন্ন স্থানত ভ্ৰাম্যমাণৰ দিন উদযাপন কৰাৰ পোষকতা কৰে।

আনহাতে এই অনুষ্ঠানতে শিল্পী আমিনা দেৱানৰ ‘স্বৰ্ণিল নটৰাজৰ বৰ্ণিল যাত্ৰা’ নামৰ এখন গ্ৰন্থৰ উন্মোচন কৰে। ভ্ৰাম্যমাণ জগতৰ কেইবাগৰাকী ন-পুৰণি শিল্পীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, নাট্য সম্ৰাট কৃষ্ণ ৰয়কে ধৰি ভালেইসংখ্যক লোক উপস্থিত থাকে।