Local, Vocal, Global

Pathetic road condition : যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী;কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

ডিব্ৰুগড়,২১নৱেম্বৰ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ।বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?

যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?
উন্নয়ন মুখ নেদেখা এটা অঞ্চল। ম’হমাৰী অঞ্চলত আজিও নাই বাট পথ, নাই বিদ্যুৎ সংযোগ।বছৰ বছৰ ধৰি ম’হমাৰী অঞ্চলৰ ৰাইজক ঠগি আহিছে চৰকাৰৰ জনপ্ৰতিনিধি তথা ডিব্ৰুগড় জিলা প্ৰশাসনে(Pathetic road condition)।

ডিব্ৰুগড় চহৰৰ নিচেই কাষতে লাগি থকা জকাই বৃহৎ ম’হমাৰী অঞ্চলৰ ৰাইজৰ বিননী।ডিব্ৰুগড় মহানগৰৰ পৰা নাতি দূৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমীপত অৱস্থিত এই অঞ্চলত আজিও নাই বাট পথ নাই বিদ্যুৎ সংযোগ।বহিঃ অঞ্চলৰ লগত যোগাযোগ অব্যাহত ৰাখিবলৈ নাই কোনো উন্নত যাতায়াত ব্যৱস্থা।

চেঁচা নদীৰ কাষতে অৱস্থিত এই অঞ্চলৰ ৰাইজে ভৰ বাৰিষাতে হওঁক বা খৰালিতে হওঁক চেঁচা নদী পাৰ হৈ বহিঃ অঞ্চলৰ লগত যোগাযোগ স্থাপন কৰিব লগা হয়।

লাহোৱাল সমষ্টি অন্তৰ্গত এই বৃহৎ অঞ্চলৰ প্ৰায় ২৫ খন গাঁৱৰ ৰাইজক চেঁচা নদীৰ ওপৰত এখন দলং নিৰ্মান কৰি দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰি সেই সময়ত কংগ্ৰেছৰ বিধায়ক পৃথীবি মাজ্জি , পৰৱৰ্তী সময়ত বিধায়ক ঋতুপৰ্ণ বৰুৱা, বৰ্তমানৰ বিধায়ক বিনোদ হাজৰিকাৰ কেৱল নিৰৱ ভূমিকা পালন কৰি আহিছে।

ইফালে বিদ্যুৎ সংযোগ বিচ্ছিন্ন, যোগাযোগৰ মাধ্যম নথকা, বাট পথ শূণ্য এই অঞ্চলৰ ৰাইজে জন প্ৰতিনিধি, জিলা প্ৰশাসনৰ ভুৱা প্ৰতিশ্ৰুতি বাবে এতিয়া ভয়াবহ পৰিস্থিতিত সন্মুখীন হৈ অহাত স্থানীয় ৰাইজে পথ আৰু দলংখন নিৰ্মাণ কৰিব দিবলৈ আহ্বান জনায়।

লগতে পঢ়ক:Uttar Pradesh accident:যাত্ৰীবাহী বাছৰ প্ৰচণ্ড খুন্দা ট্ৰাকত;নিহত ৫জন,আহত ১৫জন