Patharughat farmers riot: ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ১৩১ বছৰ
ছিপাঝাৰ,২৮জানুৱাৰী : অসম চৰকাৰৰ কৃষি বিভাগ,দৰং জিলা প্ৰশাসনৰ উদ্যোগত দৰঙী ৰাইজৰ সহযোগত পথৰুঘাট ৰণৰ মহান কৃষক শ্বহীদৰ সশ্ৰদ্ধ সোৱৰণত ভিন্ন কাৰ্যসূচীৰে ১৩১ সংখ্যক কৃষক শ্বহীদ দিৱস।
১৮৯৪চনৰ ২৮ জানুৱাৰীত অসমৰ সংগ্ৰামী ইতিহাসত বুকুৰ শোণিতেৰে এটি নজহা-নপমা অধ্যায় ৰচনা কৰি দেশৰ মাটিত পথৰুঘাটৰ নাম উজ্বলাই বৃটিছৰ বিৰুদ্ধে খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰি ১৪০ জন নীৰিহ কৃষকে বৃটিছৰ গুলী বুকু পাটি লৈ শ্বহীদ বৰণ কৰিছিল(Patharughat farmers riot)।
উত্তৰ পুৰুষলৈ দেশ প্ৰেমৰ জ্বলন্ত নিদৰ্শন ৰখা ‘পথৰুঘাট কৃষক বিদ্ৰোহ’ৰ অমৰ কৃষক শ্বহীদ সকলক জনাইছো শ্ৰদ্ধাঞ্জলি।
লগতে পঢ়ক :Drinking Water Issue:ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি