passengers hurt after bus falls into ditch : নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ
নিউজ ডেস্ক, ২০মাৰ্চ : নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ( passengers hurt after bus falls into ditch) ।
মঙলবাৰৰ নিশা গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । বিহাৰৰ পৰা ইম্ফল অভিমুখী এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে ৷
জানিব পৰা মতে, যাত্ৰীবাহী বাছখনত ফল-মূলৰ লগতে যাত্ৰী কঢ়িয়াই ইম্ফল অভিমুখে গৈ আছিল ৷ কিন্তু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবা থানাৰ সমীপত দ’ খাৱৈত বাগৰি পৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় ১২ জনকৈ যাত্ৰী(passenger bus lost control and fell into a ditch) ৷
এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু আহত লোকসকলক উদ্ধাৰ কৰি নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ MN-01-2087 ৷
লগতে পঢ়ক : Tragic Road Accident in Tezpur : তেজপুৰ মেডিকেল কলেজৰ কাষত দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ