Local, Vocal, Global

কলিয়াবৰত দ’ খাৱৈত সোমাল যাত্ৰীবাহী আল্ট্ৰা বাছ

নিউজ ডেক্স,৮ জুলাই : কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ অঘটন। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, দ’ খাৱৈত সোমাল যাত্ৰীবাহী AS 03 BC 1737 নম্বৰৰ আল্ট্ৰা বাছ। কলিয়াবৰৰ কুঠৰীৰ দেওপানীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

এখন মাছ কঢ়িওৱা বাহনক বচাবলৈ গৈ আল্ট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’-খাৱৈত গৈ পৰে।

দুৰ্ঘটনাটোৰ সময়ত বাছখনত বহু কেইগৰাকী যাত্ৰীআছিল। কথমপি প্ৰাণ ৰক্ষা পৰে বাছখনৰ যাত্ৰীসকলৰ।

তেজপুৰৰ পৰা যোৰহাট অভিমুখে আহি আছিল আল্ট্ৰা বাছখন।
ঘটনাস্থলীত বাগৰি আৰক্ষী উপস্থিত হৈ পথচোৱা মুকলিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।