Passenger train hits car:ৰে’লে মহতিয়াই নিলে এখন এল্ট’ বাহন
নিউজ ডেস্ক,৬নৱেম্বৰ : ৰে’লে মহতিয়াই নিলে এখন এল্ট’ বাহন ।কথমপি প্ৰাণ ৰক্ষা দুজন লোকৰ ।
ধুবুৰী জিলাৰ বালাজনৰ সমীপৰ বানিয়ামাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ধুবুৰীৰ পৰা শিলঘাট অভিমুখী ৰাজ্যৰাণী এক্সপ্ৰেছে মহতিয়াই নিলে এল্ট’ বাহন। সৌভাগ্যক্ৰমে ৰক্ষা পৰে এল্ট’খনৰ চালকজনৰ লগতে আন দুজন লোকৰ। বাহন এৰি কোনোমতে গাড়ীৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰে লোককেইজনে।
বাহনখন ৰে’ল লাইনৰ ওপৰত থকাৰ বাবে প্ৰায় তিনি ঘণ্টা ধৰি আবদ্ধ হৈ থাকে ৰাজ্যৰাণী এক্সপ্ৰেছ ৰে’লখন। ফলত ৰে’লত থকা যাত্ৰীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়(Passenger train hits car)।
ইফালে ৰে’ল বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ স্থানীয় ৰাইজে তিনি ঘণ্টা ধৰি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এখন ৰে’ল গেট নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ৰে’ল বিভাগক বাৰম্বাৰ দাবী জনোৱাৰ পিছতো ৰে’ল ক্ৰছিংটো উন্মুক্ত কৰি ৰখাত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।
বানিয়ামাৰীত ৰে’লৰ গে’ট নথকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও এল্ট’ বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়। ঘটনাক লৈ স্থানীয় ৰাইজে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক নবীন সিঙৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ লগতে ৰে’ল বিভাগৰ লোক।
লগতে পঢ়ক :US Election 2024: কোন হ’ব আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি?