দক্ষিণ চীনত ১৩৩ গৰাকী যাত্ৰীসহ গুৱাংচি পাহাৰত খুন্দা যাত্ৰীবাহী বিমানৰ
নিউজ ডেস্ক,২১ মাৰ্চঃ মঙ্গলবাৰে দক্ষিণ চীনত ১৩৩ গৰাকী যাত্ৰীসহ বিমান দূৰ্গম পাহাৰত খুন্দিয়াই নিমিষতে জ্বলি ছাৰখাৰ হয়।
এই দূৰ্ঘটনাত চীনৰ বয়িং ৭৩৭ বিমান খন ধ্বংস হৈ যায়। যাত্ৰাৰ সময়ত বিমানখনত ১৩৩ গৰাকী যাত্ৰী আছিল। বিমান খন কুনমিং ৰ পৰা গুৱাংঝৌ অভিমুখে গৈ আছিল।
দুৰ্ঘটনাটো সম্পৰ্কে বৰ্তমানলৈ কোনো তথ্য অহা নাই। কিমান লোকৰ প্ৰাণ ৰক্ষা পৰিল বা কিমান মৃত্যু হল সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই।
জানিব পৰা মতে, কেইবাগৰাকী যাত্ৰীয়ে এই দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছে। ।