Local, Vocal, Global

Passenger plane and army helicopter crash mid-air:এক ভয়াৱহ দুৰ্ঘটনাৰ সাক্ষী হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ

৩০ জানুৱাৰী ২০২৫,ডিজিটেল ডেস্কঃএক ভয়াৱহ দুৰ্ঘটনাৰ সাক্ষী হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ। মাজ আকাশত যাত্ৰীবাহী বিমান আৰু সেনাৰ হেলিকপ্টাৰৰ মাজত খুন্দা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত মাজ আকাশত যাত্ৰীবাহী বিমানৰ সৈতে মাৰ্কিন সেনাৰ এখন হেলিকপ্টাৰৰ খুন্দা খোৱাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত ৬০ জন যাত্ৰী কঢ়িওৱা বিমানখন ভাঙি পৰি পোটোমেক নদীত পৰিছে। ঘটনাত এই পৰ্যন্ত ১৮ জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। সময় বাগৰাৰ লগে লগে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনাই অধিক।ৰোনাল্ড ৰেগান নেচনেল এয়াৰপৰ্টৰ কাষত আমেৰিকান এয়াৰলাইনছৰ ফ্লইট ৫৩৪২ ৰ সৈতে খুন্দা খাই সেনাবাহিনীৰ এখন ব্লেক হক হেলিকপ্টাৰৰ। এই ঘটনাৰ পাছতে পোটোমেক নদীৰ ওপৰত ভাঙি পৰে যাত্ৰীবাহী বিমানখন। ঘটনাত এতিয়ালৈকে প্ৰকৃততে কিমানৰ মৃত্যু হৈছে সেয়া স্পষ্ট নহয় যদিও ১৮ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে। বাকীসকলৰ উদ্ধাৰৰ বাবে উদ্ধাৰকাৰীয়ে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই দুৰ্ঘটনাৰ দৃশ্য।